ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তোলপাৰ লাগিছে চাবুৱাৰ ৰাজপথ।

দিনে ৰাতিয়ে বন্ধ হৈ পৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ কেতিয়া-ক’ত পথ বন্ধ হৈ যায় তাৰ কোনো নিশ্চয়তা নোহোৱা অৱস্থা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অহা-যোৱা কৰা পথছোৱা।

বৃহস্পতিবাৰে সন্ধিয়া পুনৰ হাটিআলিত সমৱেত হয় কেইবাটাও সংগঠন৷ ডিব্ৰুগড় জিলাৰ অনুসূচিত জাতি পৰিষদ, অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু মৰিছা গাঁও যুৱ সমাজৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত এক বৃহৎ প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰি শাসনাধিষ্ঠিত চৰকাৰক তীব্ৰ ভৎসনা কৰে৷

প্ৰায় ৩ কিঃমিঃ পথ খোজকাঢ়ি জোঁৰ সমদল উলিওৱাৰ পাছত ৰাজপথতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ সভাত অতি সোনকালে এই জাতিধ্বংসী বিধেয়ক বাতিলৰ জৰিয়তে চৰকাৰখনক প্ৰকৃত অসমীয়াৰ পৰিচয় দাঙি ধৰিবলৈ দাবী উত্থাপন কৰে৷