চামগুৰিঃ নগাঁৱৰ পুৰণিগুদামত নিশা জব্দ হয় এখন চোৰাং কাঠভৰ্তি ট্ৰাক। চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এটা তহলদাৰী বনকৰ্মীৰ দলে অভিযান চলাই চাপানালাৰ পৰা পুৰণিগুদামৰ অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে চোৰাং কাঠ ভৰ্তি ট্ৰাকখন।

জব্দ কৰা কাঠখিনিৰ আনুমানিক মূল্য প্ৰায় তিনি লক্ষাধিক টকা বুলি ঠাৱৰ কৰিছে বন বিষয়াই।

আনহাতেদি বন বিভাগৰ দলটোৱে চোৰাং কাঠ ভৰ্ত্তি ট্ৰাকখন জব্দ কৰে যদিও কোনো লোককে অৱশ্যে আটক কৰিবলৈ সক্ষম নহ’ল। নিশা বন বিভাগৰ তহলদাৰি দলটো প্ৰত্যক্ষ কৰি ট্ৰাক এৰি পলায়ন কৰে ট্ৰাকখনৰ চালকসহ অসাধু চোৰাং কাঠৰ সৰবৰাহকাৰী কেইজন।