ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে সমগ্ৰ অসমতে দল-সংগঠনে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ সময়তে ৰঙিয়াটো জিলা কৰ্মচাৰী পৰিষদে বিধেয়কখনৰ বিৰোধিতা কৰি আন্দোলন কাৰ্যসূচীৰ ব্যপক প্ৰস্তুতি কৰিছে।

সদৌ অসম কৰ্মচাৰী পৰিসদৰ আহ্বান মৰ্মে অহা ৩০ তাৰিখে ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদে ৰূপায়ন কৰিব তিনি ঘন্টীয় ধৰ্মঘট কাৰ্যসূচী। শুকুৰবাৰে ৰঙিয়া প্ৰেছ ক্লাবৰ সভাকক্ষত ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিপুল চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা এখনত প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়।

৩০ জানুৱাৰীত ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰিবলগীয়া প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়া মহকুমাৰ সকলো বিভাগৰে চৰকাৰী কৰ্মচাৰীসমূহৰ সহযোগিতা বিচাৰিছে পৰিষদে।

ইফালে ৰঙিয়াৰ কেইবাটাও সন্থাই বিধেয়কখনৰ বিৰোধিতা কৰি কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদক সমৰ্থন আগবঢ়াইছে। ইয়াৰ উপৰিও ৰঙিয়াৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি, কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। 

দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়িত হ’ব লগা প্ৰতিবাদী কৰ্যসূচীত জাতিৰ প্ৰতি সচেতন থকা সকলো ব্যক্তিকে অংশগ্ৰহণ কৰাৰ বাবে ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক খৰ্বেশ্বৰ লহকৰে অনুৰোধ জনাইছে।