লিডুঃ অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন বজাৰৰ মাজ মজিয়াত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । PB 06 AS 2877 নম্বৰৰ এখন ১৪চকীয়া পঞ্জাৱ বডী ট্ৰাকে মহতিয়াই নিয়ে এজন লোকক। 

ঘটনাস্থলীত থিতাতে মৃত্যু হয় লোকজনৰ। মৃত লোক জনৰ পৰিচয় বৰ্তমানৰ লৈকে জানিব পৰা হোৱা নাই যদিও লোক জনৰ বাওঁ হাতত টাটুৰে সুৰজু বুলি লিখা পৰিলক্ষিত হৈছে । মৃত লোক জনৰ বয়স ৩০বছৰ বুলি অনুমান কৰা হৈছে। জাগুনৰ পৰা অৰুণাচলৰ খাৰচাং অভিমুখে গৈ থকা সময়তে ট্ৰাকখনে সংঘটিত কৰে এই পথ দুৰ্ঘটনা।