লিডুঃ মন্টেচৰি টিছাৰছ ট্ৰেনিং চেন্টাৰ আৰু আৰ টু এফ কেৰাটে কেন্দ্ৰৰ উদ্যোগত আজি লিডু বজাৰ হাইস্কুল খেলপথাৰত এখনি আন্তজিলাভিত্তিত কেৰাটে প্ৰতিযোগীতাৰ অনুষ্ঠিত হৈ যায় ৷ 

প্ৰতিযোগিতা খনিত তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ১০০ ৰো অধিক প্ৰতিযোগীয়ে অংগ্ৰহন কৰে ৷ লিডুত পোন প্ৰথমবাৰৰ বাবে এনেখন কেৰাটে প্ৰতিযোগীতা উপভোগ কৰিবলৈ পাই ৰাইজ যথেষ্ট উৎফুল্লিত হৈছে বুলি জানিবলৈ দিয়ে ৷ 

প্ৰতিযোগিতা খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক সুনিল গুৰুং, সুপ্ৰিয় গুপ্তা, অনুপ বিশ্বাস, স্থানীয় সাংবাদিক উজ্জ্বল চৌধুৰী, বাপ্পি চৰকাৰ,, নৱনিতা মজুমদাৰ, চিৰাজ আহমেদ ৷ উল্লেখ্য যে উদ্যোত্তা সকলৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা জ্ঞাপন কৰে ৷