নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া ৰে'ল ষ্টেচনত নিয়োজিত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ মইমতালিয়ে এতিয়া অতিষ্ঠ কৰি তুলিছে বৃহত্তৰ অঞ্চলটোৰ ৰে'ল যাত্ৰীসকলক। কাৰণ অন্যান্য সময়তটো দূৰৰে কথা ৰে'ল অহাৰ সময়তো ষ্টেচনটোত খোল নাখায় কাৰ্যালয়ৰ দুৱাৰ।

আনকি ৰে'ল পাৰ হৈ যোৱাৰ পিছতো ছাঁটোও দেখিবলৈ পোৱা নাযায় বিষয়া-কৰ্মচাৰীসকলৰ। যাৰ বাবে প্ৰায়েই বিনা টিকতৰেই ৰে'লত যাত্ৰা কৰিবলগীয়া হয় বেবেজীয়া ষ্টেচনত উঠা-নমা কৰা যাত্ৰীসকলে। দৈনিক শতাধিক যাত্ৰী উঠা-নমা কৰা এই ষ্টেচনটোৰ 'বুকিং ক্লাৰ্ক' আৰু ষ্টেচন মাষ্টাৰৰ লগতে বিভাগীয় কৰ্মচাৰীসকলে সময়মতে কৰ্তব্য সম্পাদন নকৰাৰ বাবে বহু যাত্ৰী ৰে'ল যাত্ৰাৰ সময়ত তথা টিকত পৰীক্ষণৰ সময়ত আহুকালৰ সন্মুখীন হ'বলগীয়া হয়। 

সোমবাৰে পুৱাও অনুৰূপ ধৰণে খোল নাখালে বেবেজীয়া ৰে'ল ষ্টেচনৰ কাৰ্যালয়ৰ তলাৰ লগতে টিকত প্ৰদান কৰা খিড়িকী। এতিয়া যেন অনিয়মেই নিয়ম হৈ পৰিছে বেবেজীয়া ৰে'ল ষ্টেচনৰ বিষয়া-কৰ্মচাৰীসকলৰ বাবে। কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ গৃহ জিলাতেই বিভাগটোত চলি থকা এনে মাতব্বৰৰাজক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটিছে।