28
Jan
2019

নগাঁওঃ ৰাজ্যত চাৰিওফালে কেৱল প্ৰতিবাদৰ জুই৷ ৰঙা চকুৰে জাতিধ্বংসী নাগৰিকত্ব বিধেয়কৰ বিৰোধীতা কৰিবলৈ ওলাই আহিছে অজস্ৰ লোক৷ আনফালে, নগাঁওৰ পুৰণি গুদামত সোমবাৰে সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থা, কেন্দ্ৰীয় সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, সংগ্ৰামী যুৱ মঞ্চৰ লগতে কেইবাটাও সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ প্ৰতিবাদী কাৰ্যসূচী সাবস্ত্য কৰে৷
লগতে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমুৰ্তি দাহ কৰি পথ অৱৰোধ কৰে৷ বাঘৰ মুখত হাত দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুলিও হুংকাৰ কৰে সংগঠনকেইটায়৷ অসমীয়াক লৈ লেতেৰা ৰাজনীতি নকৰিবলৈ তথা RSS আৰু নাগপুৰৰ ওচৰত বিক্ৰী নহ'বলৈ সকিয়নী কৰিছে প্ৰতিবাদকাৰী সংগঠনকেইটাই৷