
কাকপথাৰঃ নাগৰিকত্ব আইন বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ অসমৰ সমান্তৰালভাবে কাকপথাৰতো পৃথকে পৃথকে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে ৷
কাকপথাৰৰ ওবন গাঁৱৰ ৰাইজে ওবনৰ পৰা কাকপথাৰ টাউনলৈ বৃহৎ প্ৰতিবাদী জোঁৰ সমদল লোৱা হয় ৷ প্ৰায় দুই সহস্ৰাধিক ৰাইজে "বিজেপি চৰকাৰ মুৰ্দাবাদ" " সৰ্বানন্দ সোনোৱাল হুছিয়াৰ" "এই জুই চলিছে" "নাগৰিকত্ব আইন বিধেয়ক বাতিল কৰক" ইত্যাদি শ্লগানে আকাশ বতাঁহ কপাই তোলে ৷
গাৱেঁ গাৱেঁ চলা এনে ধৰণৰ বৃহৎ বৃহৎ প্ৰতিবাদী সমদলেৰে এটা কথাই স্পষ্ট কৰিছে যে যিকোনো বিনিময়ত এই বিধেয়ক গ্ৰহণ নকৰে ৷ ইমানৰ পিছতো বিজেপি চৰকাৰে বিধেয়কখনৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষ্যণীয় ৷
আছুৱে দাহ কৰিলে সৰ্বানন্দ, ৰঞ্জিতৰ প্ৰতিকৃতি : নলবাৰী জিলাত বিজেপি গুণ্ডা বাহিনীয়ে আছুৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত আজি সমগ্ৰ অসমৰ লগতে কাকপথাৰতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ যোগেদি বিজেপি চৰকাৰক ক্ষমা খোজিবলৈ দাবী জনোৱাৰ লগতে অন্যথা ভয়ংকৰ পৰিস্থিতি বাবে সাজু থাকিবলৈ প্ৰত্যাহ্বান জনায় ৷