• "এই বিধেয়কখন নিৰ্বাচনত জয়ী হোৱাৰ কৌশল": ধীৰেণ বড়ো

 

ওদালগুৰিঃ এফালে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ৩১ জানুৱাৰীৰ শেষ সীমা। আনফালে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক বাতিলৰ দাবীত অব্যাহত আছে প্ৰতিবাদ।

আজি ওদালগুৰিত ছয় জনগোষ্ঠীক জনজাতিকৰণ বিধেয়ক বাতিলৰ দাবীত তিনিঘণ্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।

ওদালগুৰি চহৰৰ মাজমজিয়াৰ ৰাজহুৱা দূৰ্গাপূজা মণ্ডপত পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই ধৰ্না কাৰ্যসূচীত কেইবাটাও জনজাতিয় দল সংগঠনে অংশগ্ৰহণ কৰে। হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, ৰাজ্য চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোডী হুচিয়াৰ, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, ৰাজনাথ সিং হুচিয়াৰ, হাগ্ৰামা মহিলাৰী হায় হায়, বিজেপি চৰকাৰ হায় হায়, ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক, নো জাষ্টিচ নো ৰেষ্ট ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত প্ৰতিবাদী ধৰ্না কাৰ্যসূচীত উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি দ্বীপেন বড়োৱে চৰকাৰখনৰ কাৰ্যক গৰিহনা প্ৰদান কৰি কয় যে এই বিধেয়কখন বৰ্তমানৰ ভূমিপুত্ৰ জনজাতিসকলক ধ্বংসকাৰী বিধেয়ক। লগতে তেওঁ মত ব্যক্ত কৰি কয় যে বৰ্তমান জনজাতিকৰণ কৰিব বিচৰা জনগোষ্ঠীকেইটা সকলো দিশতে আগবঢ়া আৰু তেওঁলোকৰ জনসংখ্যা প্ৰায় ডেৰ কোটি কিন্তু বৰ্তমান জনজাতিকৰণৰ আওতাত থকা ১৪টা জনজাতিৰ জনসংখ্যা ৪০ লাখ। গতিকে এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অতিৰিক্ত ডেৰ কোটি জনসংখ্যা জনজাতিকৰণৰ আওতালৈ আহিব। ফলত বৰ্তমানৰ জনজাতি লোকসকলৰ মাজলৈ এক বৃহৎ প্ৰত্যাহ্বান আহিব।

কেন্দ্ৰ, ৰাজ্য আৰু বিটিচি পৰিষদীয় চৰকাৰখনে একমাত্ৰ ডেৰ কোটি ভোটৰ আশাতহে এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰিছে। এই ছয় জনগোষ্ঠীক জধজাতিকৰণ কৰিলে পূৰ্বৰ জনজাতিসকলৰ কোনো ক্ষতি নহয় বুলি চৰকাৰখনে কৈ আহিছে যদিও চৰকাৰৰ ৰাজনৈতিক ভাষণ বিশ্বাসত লব নোৱাৰি আৰুসাধাৰণ ৰাইজে এই বিষয়টো বুজিব পৰা নাই। গতিকে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ জনজাতি সংগঠনসমূহক আলোচনালৈ মাতি বিষয়টো পুংখানুপুংখভাৱে স্পষ্ট কৰি দিয়ক অন্যথা এই বিষয়ত কোনো নেতা মন্ত্ৰীৰ ভাষণ শুনি বিশ্বাস নকৰো। ইফালে উক্ত প্ৰতিবাদী ধৰ্না কাৰ্যসূচীত উপস্থিত থাকি এনডিএফবি(প্ৰ)ৰ সভাপতি ধীৰেণ বড়োৱে চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰি কয় যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসকল ধ্বংসৰ গৰাহলৈ গতি কৰিব।

বৰ্তমানৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনৰ প্ৰতি জনসাধাৰণে আস্থা হেৰুৱাইছে। ফলত ভোটৰ স্বাৰ্থত চৰকাৰখনে এনে নিকৃষ্ট সিদ্ধান্তৰ দ্বাৰা পূৰ্ৱৰ জনজাতি লোকসকলক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বুলি চৰকাৰক সমালোচনা কৰে। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰদীপ কুমাৰ ৰাভা, পিজেএচিবিএমৰ মূখ্য আহ্বায়ক ৰাকেশ বড়ো, জিলা এবছুৰ সভাপতি সম্পাদক ক্ৰমে আনন্দ দৈমাৰী, কৰ্ণেলিয়াছ দৈমাৰী, জিলা বৰ্মণ কছাৰী ছাত্ৰ সন্থাৰ সভাপতি মাধৱ বৰ্মণ, জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উপসভাপতি মনোৰাম শৰণীয়াৰ লগতে কেইবাটাও জনজাতিয় ছাত্ৰ সংগঠনৰ নেতৃত্ব।