তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মটঙা চকত ৰঙিয়া-তামুলপুৰ-ভূটান পথ অৱৰোধ কৰি মঙলবাৰে তামুলপুৰ মহকুমা আছুৱে উত্তাল প্ৰতিবাদ কৰে। তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আজি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থা আৰু দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা লগতে তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইবাটাও শাখা ছাত্ৰ সন্থাই দিনৰ বাৰ বজাত তামুলপুৰ মটঙা চকত ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথটো অবৰোধ কৰি বিধেয়ক বিৰোধী কাৰ্যসুচি ৰূপায়ণ কৰে।

নলবাৰী-ঘগ্ৰাপাৰৰ কাণ্ডৰ লগত জড়িত গুণ্ডা বাহিনীক ধিক্কাৰ দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তামুলপুৰ আঞ্চলিক ছাত্ৰ কাৰ্য্যালয়ৰপৰা সমদল কৰি আহি তামুলপুৰ মহকুমা সদৰৰ মটঙা চকত ঘাইপথ অবৰোধ কৰি প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাৱাদ, বিজেপিৰ গুণ্ডামি নচলিব, বিজেপি গো বেক, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, নলবাৰী পুলিচ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, হিন্দু-মুছলিম ভাই-ভাই, আদি শ্লোগান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।

এই এক ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ ফলত ৰঙিয়া-তামুলপুৰ-ভূটান পথত তীব্ৰ যান-জটৰ সৃষ্টি হয়।

আনহাতে, আছুৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক পূৰণ ডেকাই এসময়ত ছাত্ৰ সন্থাৰ নেতৃত্ব দিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বক সমালোচনা কৰি তীব্ৰ প্ৰত্যাহ্বান জনায় আৰু জাতি ধ্বংসী বিধেয়ক বাতিল কৰাৰ দাবী জনায়। অন্যথা অসম এৰি বাংলাদেশলৈ যাবলৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তীব্ৰ হুংকাৰ দি পূৰ্ণ ডেকাই কয় যে হিমন্তৰ গুণ্ডা বাহিনী ৰাজপথলৈ ওলাই আহক যদি সাহস আছে। আৰু কেইবাটাও তাৎপৰ্য পূৰ্ণ মন্তব্য আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ নেতা গৰাকীয়ে।