
লখিমপুৰঃ নলবাৰীত আছুৰ গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰা কাৰ্য্যৰ প্ৰতিবাদত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰিছে৷ সমান্তৰালভাৱে লখিমপুৰ জিলাতো মঙলবাৰে এই প্ৰভাৱ পৰে৷
আজি লখিমপুৰ চহৰৰ বান্টুত ছাত্ৰ সন্থাই ১ ঘন্টীয়া ৰাষ্ট্রীয় ঘাই পথ অৱৰোধ কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে জাতি ধ্বংসী সংশোধনী আইনক বাতিল কৰিবলৈ দাবী উত্থাপন কৰি শ্ল’গান দি আকাশ-বতাহ উত্তাল কৰি তোলে৷