
ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীৰ লগতে নলবাৰী জিলাত বিজেপিৰ কৰ্মীয়ে আছু কৰ্মীৰ ওপৰত কৰা আক্ৰমনৰ প্ৰতিবাদত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিয়ে ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। সহস্ৰাধিক আছু কৰ্মীৰ লগতে ৰঙিয়াৰ কেইবাটাও ছাত্ৰ সংগঠনৰ উপস্থিতিত দিনৰ ১১ বজাৰপৰা ১২ বজালৈ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে আছুৰ কৰ্মকৰ্তা সকলে।
বিজেপি গ' বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, দেশদ্ৰোহী হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন বন্ধ কৰক, আছু কৰ্মীক আক্ৰমন কৰা বিজেপি কৰ্মী হুচিয়াৰ আদি ধ্বনিৰে প্ৰতিবাদস্থলী কঁপাই তোলে। দুঘন্টা সময় ৰঙিয়াত এনেদৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত উজনি নামনিৰ হাজাৰ-হাজাৰ গাড়ী ৰঙিয়াত আৱদ্ধ হয়। পথ অৱৰোধৰ অন্তত ৰাষ্ট্ৰীয় ঘাইপথতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।
প্ৰতিবাদী সভাখনত আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক ধৰ্মেশ্বৰ দাস, প্ৰকাশ দাস, আছুৰ কামৰূপ জিলা সমিতিৰ সভাপতি দিবাকৰ কলিতা, সাধাৰণ সম্পাদক হেমন্ত দাস, উপদেষ্টা নিৰোধ দাস, যুৱ নেতা আজিজুৰ ৰহমান, অগপ নেতা অনন্ত ডেকা, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক প্ৰবাল বেজবৰুৱা আদি উপস্থিত থাকে। সভাত ৰঙিয়া প্ৰাক্তন বিধায়ক অনন্ত ডেকাই ভাষণ ৰাখি বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰীতা বন্ধ কৰাৰ বাবে দাবী জনায়। প্ৰতিবাদী সভাখনত আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক ধৰ্মেশ্বৰ দাসে তেওঁৰ বক্তব্যৰ মাজেৰে কয় যে বিজেপি চৰকাৰখনক অসমৰ জনসাধাৰণে বহু আশা কৰি ভোট দিছিল। কিন্তু অসমৰ ৰাইজৰ এই আশাৰ বিপৰিতে কাম কৰি বৰ্তমান অসমৰ ৰাইজৰ মনৰপৰা আঁতৰি গৈছে এইখন চৰকাৰ। অকল ভোটৰ আশাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে ভয়ানক জাতিধংশী বিলৰ পক্ষত থিয় দিছে।
নলবাৰী জিলাৰ ঘগ্ৰাপাৰত বিজেপিৰ ভেৰোনীয়া গুণ্ডাবাহিনীয়ে আছু কৰ্মীৰ ওপৰত জপিয়াই পৰি কেইবাজনো আছু কৰ্মীক আহত কৰে। অসমৰ আধুনিক ল’ৰা ৰজা হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আছু কৰ্মী সকলক আৰক্ষী থানাৰ ল’কাপত বিজেপিৰ কৰ্মীয়ে প্ৰহাৰ কৰিলে। আছু কৰ্মীক এনেদৰে বিজেপি কৰ্মীয়ে মাৰধৰ কৰা বিষয়টো আছুয়ে গুৰুত্ব সহকাৰে লৈছে বুলি আছু নেতা গৰাকীয়ে উল্লেখ কৰি ইয়াৰ প্ৰত্যুত্বৰ দিয়া হ’ব বুলি কয়।