31
Jan
2019

তেজপুৰঃ শোণিতপুৰৰ বালিপৰাত বৃহস্পতিবাৰে ‘‘বালিপৰাৰ চমু ইতিহাস’’ নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। বালিপৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্য্যপূৰ্ণ এক অনুষ্ঠানত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তৰুন চন্দ্ৰ বৰাদেৱৰ দ্বাৰা ৰচিত "বালিপৰাৰ চমু ইতিহাস" নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।
গ্ৰন্থখন উন্মোচন কৰে চাৰিদুৱাৰৰ চক্ৰ বিষয়া সূৰ্য্যকমল বৰাই। উক্ত অনুষ্ঠানত প্ৰকাশক ডা: ৰূপম দাস, যতীন বৰুৱা, গুণকান্ত শইকীয়া প্ৰমুখ্যে বালিপৰা অঞ্চলৰ বহু বিশিষ্ট গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গ্ৰন্থখনত সমগ্ৰ বালিপৰা অঞ্চলৰ নৱ-প্ৰজন্মৰ লগতে সমগ্ৰ পঢ়ুৱৈ ৰাইজে বালিপৰাৰ ইতিহাস তথা জনগাঁঠনি সম্পৰ্কত বহু নজনা কথা জানিব পাৰিব বুলি গ্ৰন্থখনৰ লেখক তৰুন চন্দ্ৰ বৰাই জানিব দিয়ে।