16
May
2017

নগৰবেৰাঃ কামৰূপ জিলাৰ অন্তৰ্গত ৪৮ নম্বৰ বকো সমষ্টিৰ অন্তৰ্গত অধিকাংশ বিদ্যালয়ত সম্প্ৰতি চৰকাৰী ছিটাৰ আতংক। এই আতংকই খেদিছে ছাত্ৰ-ছাত্ৰীক। বেজি দিব বুলি বিদ্যালয়ৰে খিৰিকীৰে জঁপিয়াই পলায়ন কৰিছে ছাত্ৰ-ছাত্ৰী।
প্ৰকৃততে উৰা বাতৰিয়ে ছানিছে কামৰূপ জিলা। জাপানীজ এনছেফেলাইটিছৰ বেজী দিলে নোহোৱা হয় প্ৰজনন ক্ষমতা। বহুজনৰ মতে এইটো বেজী ল’লে মানুহৰ মৃত্যু হয়।
ফলত জিলাখনৰ বৃহত্তৰ নগৰবেৰা, জামলাই, পিজুপাৰা, পলাহৰটাৰী, কল্যাণপুৰ, খামেৰী, ভখুৰাদিয়া, টুপামাৰী, ৰংগেশ্বৰী, বদলা, ৰাংগাপানী, সোণতলী, কালাতলী, মাহতোলী, মালিবাৰী, মন্দিৰা, হেকৰাকে ধৰি বকো সমষ্টিৰ শতাধিক গাঁৱৰ বিদ্যালয়ত সম্প্ৰতি এতিয়া ছিটা ভূতৰ আতংকত নিমাওমাও পৰিবেশে বিৰাজ কৰিছে।