01
Feb
2019

তেজপুৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰেও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ৷ তেজপুৰৰ বহুকেইটা সংগঠনৰ সহযোগত তেজপুৰ চহৰৰ আদালত চাৰিআলিৰ ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
চাৰিটাকৈ সংগঠনে উমৈহতীয়াকৈ এনেদৰে দীৰ্ঘ সময় ধৰি মানৱ শৃংখলৰে ৰাজপথ অৱৰোধ কৰাৰ ফলত বৃহৎ যান-জঁটৰ সৃষ্টি হয়৷
কোনো কাৰণতে খিলঞ্জীয়া বিৰোধী জাতিধ্বংসী বিধেয়ক অসমৰ জনগণে মানি নলয়৷ স্থিতি স্পষ্ট প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে৷
অসমৰ জনগণৰ দাবীৰ প্ৰতি সন্মান জনাই নাগৰিকত্ব সংশোধনী বিয়েয়ক বাতিলৰ দাবী অব্যাহত ৰখা সংগ্ৰাম কোনো কাৰণতে স্থবিৰ নহয়৷ সেই চৰকাৰক সকিয়নী প্ৰদান কৰি এই বিধেয়ক বাতিলৰ দাবী জনায় সংগঠনকেইটাই৷