তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন স্থানত তীব্ৰ আন্দোলন অব্যাহত থকাৰ সময়তে শুকুৰবাৰে বালিপৰা ব্লক কংগ্ৰেছ আৰু ৰঙাপৰা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বালিপৰা আৰু ৰঙাপৰাত প্ৰধানমন্ত্রী নৰেদ্ৰ মোডী, বি জে পিৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহ, গৃহমন্ত্রী ৰাজনাথ সিং, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল, স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, জাতিদ্ৰোহী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হুঁচিয়াৰ, আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷