
বৰনদ্দীঃ নলবাৰীত আছু কৰ্মীক বিজেপিৰ একাংশ কৰ্মীয়ে থানাৰ ভিতৰত প্ৰহাৰ কৰা, আছুৰ পতাকা ভৰিৰে গচকা আদি ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যব্যাপী উত্তেজনা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে নলবাৰী চহৰত বিজেপিয়ে উলিয়াই এক বৃহৎ সমদল৷
উল্লেখ্য যে, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণক কৰা আক্ৰমণৰ প্ৰতিবাদ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা অভিযোগ উত্থাপন কৰি নলবাৰীত বিজেপিয়ে কালি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এনেদৰে বৃহৎ সমদল উলিয়ায়।
শুকুৰবাৰে দুপৰীয়া শাসকীয় দলটোৱে এনেদৰে প্ৰতিবাদী সমদল উলিওৱাৰ সময়ত বহৎ সংখ্যক আৰক্ষী, অৰ্ধসামৰিক বাহিনী চহৰখনত গিজগিজাই থকা বিষয়টোৱে বিভিন্ন মহলত ব্যাপক চৰ্চা লাভ কৰিছে। নলবাৰী হৰিমন্দিৰৰ সমীপৰপৰা উলিওৱা এই সমদলত অংশগ্ৰহণকাৰীসকলে হিংসাত্মক আন্দোলন বন্ধ কৰক, খিলঞ্জীয়া ৰক্ষাৰ নামত খিলঞ্জীয়া ধ্বংসৰ আখৰা বন্ধ কৰক, বিজেপি কাৰ্যকৰ্তাৰ ওপৰত আক্ৰমন বন্ধ কৰক, শান্তি শৃঙ্খলা অটুট ৰাখক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।
আনহাতে, বিজেপিৰ নলবাৰী জিলা সমিতিৰ প্ৰায় দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কালি দুপৰীয়া নলবাৰী হৰিমন্দিৰৰ সমীপৰপৰা আৰম্ভ কৰা এই বিশাল প্ৰতিবাদী সমদলটোৱে নলবাৰী চহৰৰ বিভিন্ন পথেৰে ঘূৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কাৰ্যসূচী সমাপ্ত কৰাৰ লগতে তিনীচুকীয়া কাণ্ডৰ উচিত ব্যবস্থা বিচাৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ সভাপতি ডেকাই আছুৰ লগত সংঘাত নিবিচাৰো বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে।