
নগাঁওঃ নগাঁও জিলাৰ ৰহাত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়৷ সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি এই বিধেয়কখনৰ বিৰুদ্ধে সকলো জাতি-জনগোষ্ঠী নিৰ্বিশেষে সৰ্বস্তৰৰ জনতাই তীব্ৰ প্ৰতিবাদ জনাই অহাৰ সময়তে অসম সাহিত্য সভাই বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়া বিষয়টোয়ে বিশেষ তাৎপৰ্য বহন কৰিছে৷
ৰহাৰ অধিবেশনত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত জাতিধ্বংসী বিধেয়কখনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয়৷ সভাই বৰ্তমান চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখন দেশৰ আন ৰাজ্যৰ লগতে অসমতো জাপি দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ব্যাপক আন্দোলনৰ হুংকাৰ দি কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰে৷
সেই অনুসৰি বিধেয়কখন ৰাজ্যসভাত উঠোৱাৰ পৰিৱৰ্তে প্ৰত্যাহাৰ কৰিবৰ বাবে দাবী জনায়৷ বিতৰ্কিত বিধেয়কখনে অসম চুক্তিৰ ৫ নং দফা নস্যাৎ কৰি খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি আনিব৷ সেয়ে অসমৰ সকলো জাতীয় অনুষ্ঠান,সামাজিক-সাংস্কৃতিক অনুষ্ঠান, জনজাতীয়-জনগোষ্ঠীয় সাহিত্য সভাৰ সহযোগত বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিবৰ বাবে প্ৰতিনিধি সভাই আহ্বান জনায়৷
আনকি জোৰ কৰি কেন্দ্ৰীয় চৰকাৰে যদি এই বিধেয়ক গৃহীত কৰে তেন্তে সাহিত্য সভাই আইনগত ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহন কৰাৰ উপৰি প্ৰয়োজন সাপেক্ষে আইন অমান্য আন্দোলন কৰাৰো আন এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে প্ৰতিনিধি সভাই৷