
নগাঁওঃ অসম সাহিত্য সভাৰ বিশেষ দশম বাৰ্ষিক অধিৱেশন উপলক্ষে সাহিত্য অকাডেমিৰ সৌজন্যত ভৱানন্দ দত্ত সোঁৱৰণি “অসমীয়া ভাষা সাহিত্যৰ সাম্প্ৰতিক অৱস্থা আৰু ভৱিষ্যত উন্নয়নৰ পথ” শীৰ্ষক আলোচনা সত্ৰখনিয়ে দৰ্শক-শ্ৰোতাক আকৰ্ষণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷
সাহিত্য অকাডেমি অনুবাদক বঁটা প্ৰাপ্ত বিপুল দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা সত্ৰখনি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাই উদ্ধোধন কৰি কিতাপ নপঢ়িলেও অন্ততঃ একোখনকৈ কিতাপ কিনি ঘৰত সজাই থ’ব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি বৰাই ইয়াৰ দ্বাৰা তেতিয়াও অসমীয়া ভাষা-সাহিত্যৰ বেদীলৈ তেনেকৈয়ে ইঞ্চিওৰেঞ্চ ৰাখি যাব পাৰিব বুলি উল্লেখ কৰে৷
আনহাতে, বৰাই ভাষণ প্ৰসঙ্গত অসমীয়া ভাষাৰ ক্ষেত্ৰত কোনো কাৰণতেই পলিটিক্স কৰিবলৈ দিয়া নহ’ব বুলিও দোহাৰে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মঞ্চত অনুষ্ঠিত আলোচনা সত্ৰখনিত বিশিষ্ট সাহিত্যিক সঞ্জয় কুমাৰ তাঁতীয়ে অংশগ্ৰহণ কৰি বিভিন্ন জনগোষ্ঠীয় জাতি সত্বাক মান্যতা প্ৰদানেৰে অসম সাহিত্য সভাই বৃহৎ অসমীয়া জাতিটোক ঐক্যবদ্ধ কৰি অসমীয়া ভাষা-সাহিত্যৰ উন্নয়ন আৰু সংবৰ্ধন ঘটাব পাৰিব বুলি মত প্ৰকাশ কৰে৷
উক্ত আলোচনাত বিশিষ্ট লেখিকা তথা সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে ঘৰৰ পৰাহে ভাষা আৰু সংস্কৃতি সৃষ্টি হয় বুলি বক্তব্য ব্যক্ত কৰি তেওঁ আমাৰ সমাজৰ লৰা-ছোৱালী সকলক তেওঁ লোকৰ নিজা-নিজা অঞ্চলৰ বৈশিষ্ট্য সমূহৰ লগত চিনাকি কৰাই দি সেই সম্পৰ্কে তেওঁলোকক পৰিচয় কৰাই দিব পাৰিলেহে আমাৰ ভাষা-সংস্কৃতি জীয়াই থাকিব বুলি মন্তব্য আগবঢ়াই পূজাৰীয়ে লগতে চৰকাৰী নীতি, আঁচনি, অৰ্থনীতিৰ সৈতে আমাৰ ভাষাটো জড়িত হৈ আছে বুলি বক্তব্যত প্ৰকাশ কৰে৷
আলোচনাসত্ৰখনত বিশিষ্ট সাহিত্যিক ইমৰান হুছেইনেও অংশগ্ৰহণ কৰি আজি ধৰ্ম আৰু ভাষাক একাকাৰ কৰি দিবলৈ চেষ্টা কৰা হৈছে বুলি অভিমত দাঙি ধৰি ইতিহাস, ঐতিহ্য, ভাষাৰ অবিহনে এজন লেখক বা সাহিত্যিক হ’ব নোৱাৰে৷ ইতিহাস সচেতনতা, ভাষা সচেতনতা, ঐতিহ্য সম্পৰ্কে সম্যক ধ্যানধাৰণা নাথাকিলে কেৱল লেখক-সাহিত্যিকেই নহয় সমাজৰ সকলো লোকৰেই অথন্তৰ ঘটিব বুলি অভিমত দাঙি ধৰে৷
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আলোচনা সত্ৰখনৰ আৰম্ভণিতে অভ্যাগত সকলক উদ্দেশ্যি আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানটিত পাটনাৰ বিশিষ্ট হিন্দী সাহিত্যিক ড° অৰুণ কমল, অসম সাহিত্য সভাৰ উপ-সভাপতি হেমন্ত বৰুৱাইও অংশগ্ৰহণ কৰি বক্তব্য দাঙি ধৰা আলোচনা সত্ৰখনৰ আঁত ধৰে সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সচিব চন্দন শৰ্মাই আৰু আলোচনা সত্ৰৰ অন্তত শলাগৰ শৰাই আগবঢ়াই আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি কমল শৰ্মাই৷