
কাৰ্বি আংলংঃ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক আইনত পৰিণত কৰিবলৈ লোৱা জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সকলো দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ, সাংবাদিক, পুৰুষ-মহিলা, বৃদ্ধ-বণিতা, ছাত্ৰ সমাজকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকে স্বতঃস্ফুৰ্তভাৱে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত এই বিধেয়ক বাতিলৰ দাবীত সোমবাৰে পুৱা ৬ বজাৰপৰা ৰাজ্যজুৰি আছুই ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷
কাৰ্বি আংলং জিলাতো সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ৬ খন আঞ্চলিক সমিতি ক্ৰমে বোকাজান আঞ্চলিক ছাত্ৰ সন্থা, ডিফু আঞ্চলিক ছাত্ৰ সন্থা, সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থা, বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থা, পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷ বোকাজানত মহকুমাধিপতি কাৰ্যলয়ৰ সমীপত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যই পুৱা ৬ বজাৰপৰা অনশনত অংশগ্ৰহণ কৰে।
কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি বৰাৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অনশনত বহা আছুৰ সদস্য সকলে বিজেপি গ'বেক, নৰেন্দ্ৰ মোডী হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আছু জিন্দাবাদ আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ কাৰ্যসূচীত উপস্থিত জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি বৰা আৰু সহকাৰী সাধাৰণ সম্পাদক অৰ্ণৱ জ্যোতি কাকতিয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বিৰোধিতাৰে অসম সৰ্বস্তৰৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে৷
অসমৰ খিলঞ্জীয়া ৰাইজৰ আবেগ অনুভূতিক বিজেপি দল তথা চৰকাৰে ভৰিৰে মোহাৰি এই বিধেয়ক যদি আইনত পৰিণত কৰে তেন্তে একনায়কত্ববাদী এই বিজেপি চৰকাৰক শাসনৰ গাদীৰ পৰা নমাই দিয়া হ’ব৷ গণতান্ত্ৰিক এখন দেশত ৰাইজেই ৰজা গতিকে ৰাইজৰ সিদ্ধান্তৰ বিৰুদ্ধে যদি চৰকাৰে দমন নীতি প্ৰয়োগ কৰে তেন্তে এখন চৰকাৰক তচনচ কৰি দিয়াৰ সামৰ্থ্যও ৰাইজৰ আছে বুলি সকীয়াই দিয়ে ছাত্ৰ নেতা দুগৰাকীয়ে৷ উল্লেখ্য যে, অৰ্দ্ধশতাধিক আছু সদস্যই অংশগ্ৰহণ কৰা আজিৰ অনশন কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াইও উপস্থিত আছিল৷