নগাঁওঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয়ৰ ৫৪ সংখ্যক মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ সমাৰোহ সোমবাৰৰেপৰা ওলহ-মালহেৰে আৰম্ভ হৈছে। এই মৰ্মে শিক্ষানুষ্ঠানখনৰ চৌহদত এক প্ৰকাৰে ওখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷

পুৱা ১০ বজাত অধ্যক্ষ ড° শৰৎ কুমাৰ দত্তই পতাকা উত্তোলন কৰাৰ পাছতে মহাবিদ্যালয়য়ৰ ছাত্ৰ-ছাত্ৰীৰদ্বাৰা এক বাৰেচহৰীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ এই শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বকুল চন্দ্ৰ শৰ্মাই। 

বিয়লি এক বজাৰপৰা এক আকৰ্ষণীয় ডিজিটেল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ এই প্ৰতিযোগিতা শুভ উদ্ধোধন কৰে বিশিষ্ট অভিনেতা নয়ন নিৰ্বান বৰুৱাই। নেক্সটেক, বটদ্ৰৱাৰ সৌজন্যত অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে দিব্যজ্যোতি বৰুৱা, সঞ্জীৱ বৰা আৰু আচিম আহমেদ হাজৰিকাই। 

উল্লেখ্য, বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা বিশেষকৈ গুৰু ক্ৰীড়া, লঘু ক্ৰীড়াৰে অহা ৮ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই বাৰ্ষিক সপ্তাহৰ সামৰণিৰ দিনা সমূহ প্ৰতিযোগিতাৰ বঁটাবোৰ প্ৰদান কৰাৰ অৰ্থে বঁটা বিতৰণি সভা অনুষ্ঠিত হ’ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।