05
Feb
2019

তামুলপুৰঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীতাৰে মঙলবাৰে ১২ ঘন্টীয়া অসম বন্ধ তামুলপুৰত মিশ্ৰিত প্ৰভাৱ পৰে। বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই আহ্বান জনোৱা বন্ধ সময়ছোৱাত তামুলপুৰৰ কুমাৰীকাটা, দ্বাৰকুছি কালাকুছি, ডিমলাপাৰ, পুৰাণ চক, মটঙা চক বন্ধ হৈ পৰে।
বন্ধৰ ফলত দোকান পোহাৰ, সাপ্তাহিক বজাৰ, যানবাহনৰ চলাচল বন্ধ৷ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত৷ বন্ধৰ সময়ছোৱাত কোনোধৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা নায়৷ সষ্টম তামুলপুৰ মহকুমা প্ৰশাসন৷