
কাকপথাৰঃ বৰ্তমান আধুনিক সমাজত নিচাযুক্ত দ্ৰব্যই আমাৰ সমাজক এফালৰপৰা কলুষিত কৰি আহিছে। বিশেষকৈ উঠি অহা নৱ- প্ৰজন্মক মৃত্যুৰ মুখলৈ তিল তিলকৈ ঠেলি দিছে৷ নৱ প্ৰজন্মই নিজে নিজৰ বিপদ ইমানে দ্ৰুত গতিত মাতি আছে তাৰ কোনো হিচাপ নাই।
তাৰোপৰি নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাৰ বাবে ব্যক্তি বিশেষে নৱ-প্ৰজন্মৰ লগতে সমাজৰ লগতে একো একোটা পৰিয়ালৰ সামগ্ৰিক উন্নয়ন বাধাগ্ৰস্ত কৰাৰ উপৰিও নিজৰ প্ৰাণ আশংকাক হাত বাউলি মাতি আহিছে। যুৱ-প্ৰজন্মৰ ভিতৰত বিশেষকৈ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী এই নিচাযুক্ত দ্ৰৱ্যৰ প্ৰতি বেছি আসক্ত হোৱা দেখা যায়। ভাৰতবৰ্ষত এনে মাদক দ্ৰব্য সেৱন কৰি প্ৰতিদিনে বহু লোকৰ প্ৰাণ গৈ আছে যদিও এই নিচাযুক্ত সামগ্ৰীৰৰ বেহা বন্ধ নহয় কিয় সচেতন মহলত ই এক সৰ্বচৰ্চিত বিষয়।
অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানাই বুধবাৰে দিন দুপৰতে অসম-অৰুণাচল সংযোগী ডিৰাক গেটত তিনিচুকীয়াৰপৰা ডায়ুনলৈ AS 06 E 3090 নম্বৰৰ চেণ্ট্ৰ' গাড়ীৰে কঢ়িয়াই নিয়া অৱস্থাত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীসহ প্ৰায় আধা কিলোগ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। ধৃত লোককেইজন ক্ৰমে ডুমডুমা উষামাটিৰ কৃষ্ণ চাহ, অৰুণাচল প্ৰদেশ ডায়ুনৰ বুদিষ্টা চাকমা, চামিষ্টা চাকমা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, উক্ত ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ৫ লাখ টকাৰ হ’ব বুলি জানিব পৰা গৈছে৷