
তামুলপুৰঃ ২০২০ চনত বিটিচিত ইউ পি পি দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ কিয়নো বড়ো ৰাইজ এতিয়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ সতে নাই৷ আজি পোন্ধৰ বছৰ ধৰি বিটিচিত ধনবল, বাহু বলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে৷ তেওঁলোকৰ হাতত ধনবল আছে কিন্তু আমাৰ দলৰ আছে জনবল৷ টকাৰে ভোট কিনাৰ দিন উকলিল৷ ইউ পি পি এল দলে এতিয়া জনবলেৰে আমি শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছোঁ বুলি ভাষণ প্ৰদান কৰে ইউ পি পি এল দলৰ সভাপতি ইউ জি ব্ৰহ্ম৷
শুকুৰবাৰে দিনৰ এঘাৰ বজাত তামুলপুৰ মহকুমা সদৰৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা তামুলপুৰ জিলা যুৱ ইউ পি পি এলৰ বিশেষ অভিৱৰ্তন আৰু কৰ্মশালাৰ অন্তত অনুষ্ঠিত হোৱা মুকলি অধিৱেশনত মুখ্য অতিথিৰ আসন অলংকৃত কৰি এই বক্তব্য আগবঢ়ায়৷ ভাষণ প্ৰসংগত তেওঁ কয় যে বিটিচিৰ ৰাইজে এতিয়া গম পাইছে বিপিএফ দলৰ অপশাসন আৰু দুৰ্নীতিৰ কথা৷ সেয়ে এতিয়া বি পি এফ দলৰ পৰা মানুহ পলায়ন কৰিবলৈ আৰম্ভ কৰিছে৷
বৰ্তমানৰ প্ৰেক্ষাপটত আমাৰ দল ক্ৰমাৎ শক্তিশালী হ'বলৈ ধৰিছে৷ সেয়ে ২০২০ চনত বিটিচিত আমাৰ দলে চৰকাৰ গঠন কৰাটো খাটাং৷ আনকি, নেতা গৰাকীয়ে ২০১৯ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভাৰ নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ উপৰিও মংগলদৈ, তেজপুৰ সমষ্টিত ইউ পি পি এল দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সদৰী কৰাৰ লগতে গুৱাহাটী লোকসভা সমষ্টিটো নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাবলৈ দৃঢ় প্ৰতিজ্ঞ ইউ পি পি এল দল৷
নেতা গৰাকীয়ে সভাত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব সংশোধনী বিল ২০১৬ সদ্যহতে সংসদত উত্থাপন কৰিব নালাগে বুলি কয়৷ তাৰোপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ জনজাতীৰ স্বীকৃতি প্ৰাপ্ত দল-সংগঠনৰ সৈতে মত বিনিময় কৰিহে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সমাধান কৰিব লাগে বুলি মতপোষণ কৰে৷
এই ক্ষেত্ৰত টিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দুমুুখীয়া নীতি অৱলম্বন কৰাৰ কথা সদৰি কৰি পুনৰ কয় যে হাগ্ৰামাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কয় এটা তেওঁলোকৰে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ হাতত অৰ্পণ কৰে আন এখন প্ৰতিবেদন৷
তামুলপুৰ জিলা ইউ পি পিএলৰ সভাপতি বিপুল বসুমতাৰীৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহন কৰি দলটোৰ কেন্দ্ৰীয় উপ সভাপতি ৰৗনগৗৰা নাৰ্জাৰীয়ে কয় যে বিটিচিত ৩২ লাখ জনসাধাৰণে বিপিএফ চৰকাৰৰ পৰিবৰ্তন বিচাৰিছে৷ এই পৰিবৰ্তন বিচাৰি বিভিন্ন দল সংগঠনৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে৷ সেয়েহে আমাৰ দলৰ জয় নিশ্চিত৷ তেওঁ পুনৰ কয় যে বিটিচিৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰখনে জনসাধাৰণৰ মাজত সূতা-কম্বলৰ ৰাজনীতি কৰি আহিছে আনকি হাগ্ৰামা মহিলাৰীৰ চৰকাৰখনে বিটিচিৰ দুখীয়া জনধাৰণৰ মাজত পঞ্চাশ টকীয়া কম্বল বিতৰণ কৰাৰ বিপৰীতে দলটোৰ নেতা কৰ্মীয়ে দুইহেজাৰ টকীয়া কম্বল ব্যৱহাৰ কৰে বুলিও কটাক্ষ কৰে ভাষণত৷
আকৌ ভাষণৰ প্ৰসংগত তেওঁ কয় যে বিটিচিক অসম চৰকাৰে বিগত বছৰ সমূহত পৰিকল্পনা শিতানৰ ধন এতিয়াও প্ৰায় ১৮০০০ কোটি টকা দিব আছে৷ ইয়াৰ বিপৰীতে মাত্ৰ ৩.৫কোটি টকাহে পাবলৈ সক্ষম হৈছে৷ সেয়ে বিটিচি চৰকাৰখনে এতিয়াও ঠিকাদাৰ সকলক পাব লগা ধন আজিও দিব পৰানাই৷ বৰ্তমান হাগ্ৰামা মহিলাৰীৰ চৰকাৰখন বাকীতহে চলি আছে বুলি কয়৷ ইউ পি পি এল দলৰ যুৱ মঞ্চৰ সভাপতি সোমনাথ নাৰ্জাৰীয়ে উদ্বোধন কৰা মুকলি সভাখনত ইউ পি পি এলৰ মহিলা কোষৰ সভানেত্ৰী বীণা গয়াৰী, যুৱ মঞ্চৰ উপ- সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, যুৱ মঞ্চৰ সাঃসম্পাদক মনোজ গয়াৰী, এন ডি এফ বি (প্ৰ)বৰবৰী ডেজিকনেটেত কেম্পৰ চি অ ডব্লিউ নাইছাম, চি ডব্লিউ চিৰ সদস্য ক্ৰমে যোগেন বসুমতাৰী, সুজিত বসুমতাৰী, সুশীল দাস, সংখ্যালঘু কোষৰ সভাপতি মঃ নুৰ হাছান, মুছলপুৰ জিলা সমিতিৰ সভাপতি কাতিৰাম বড়ো প্ৰমুখ্যে দলটোৰ বহু নেতা সকলে অংশ গ্ৰহন কৰে৷
আজিৰ এই মুকলি সভাত কুমাৰীকাটা তামুলপুৰ নাগ্ৰীজুলি গোৰেশ্বৰৰপৰা প্ৰায় দুই সহস্ৰাধিক পুৰুষ মহিলা যুৱক-যুবতীয়ে অংশ কৰে৷ আজিৰ এই অভিবৰ্তনতে ৰোমিত স্বৰ্গীয়াৰীক সভাপতি নাগেশ্বৰ ৰাভাক সম্পাদক হিচাবে লৈতামুলপুৰ জিলা ইউ পি পি এল দলৰ যুৱ শাখাৰ নতুন সমিতি এখন গঠন কৰা হয়৷