
লংকাঃ লংকাৰ লামডিং ৰোডত থকা বিদেশী ন্যায়াধীশকৰণ আদালতৰ চৌহদত থকা ইনস্তাকাৰ্ট ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামৰ অন লাইন প্ৰতিষ্ঠান এটাত দেওবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হয়৷
প্ৰতিষ্ঠানটোৰপৰা নগদ চাৰে তিনি লাখ টকা লুট কৰি নিয়ে ডকাইতৰ দলটোৱে৷ এখন চাৰিচকীয়া গাড়ীত অহা তিনিজনীয়া ডকাইতৰ এটা দলে বন্দুক আৰু ডেগাৰ দেখুৱাই লুটি নিয়ে টকাখিনি৷
নিশা ৮ মান বজাত প্ৰতিষ্ঠানটো বন্ধ কৰিবলৈ লওতে এই ডকাইতিকাণ্ড সংঘটিত হয়৷ প্ৰতিষ্ঠানটোত সেই সময়ত থকা কৰ্মচাৰী ৰিতুমনি বৈশ্য নামৰ এজনক মাৰধৰ কৰি আঘাটপ্ৰাপ্ত কৰি সংঘটিত কৰে এই কাণ্ড৷
ডকাইতৰ দলটোৱে ডকাইতি সংঘটিত কৰি প্ৰতিষ্ঠানটোত থকা চিচি টিভি কেমেৰাও ভাঙি থৈ যায়৷ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিয়েই লংকা আৰক্ষীৰ লগতে হোজাই জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ অৱশ্যে ডকাইতি কাণ্ডৰ কোনো সুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷