
চামগুৰিঃ চামগুৰিৰ এখন বিদ্যালয়ত নিশা চলিলে লেট-নাইট পাৰ্টি। কিন্তু দুভাগ নিশা এই পাৰ্টিত উপস্থিত নাছিল বিদ্যালয়খনৰ কোনো এজন শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা বিদ্যালয় পৰিচালনা কমিটিৰ কোনো বিষয়ববীয়া। এই বিশেষ নৈশ পাৰ্টিৰ বিষয়ে কোনো ভু-কে নাপালে বিদ্যালয়খনৰ নিকটৱৰ্ত্তী কোনো এঘৰ লোকেও।
প্ৰকৃততে এই পাৰ্টি কৰিলে দুভাগ নিশা বিদ্যালয়তখনত অনাধিকাৰ প্ৰৱেশ কৰা এটা চোৰৰ দলে। খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত আমনি তিনিআলি মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত নিশা চোৰৰ এটা দলে প্ৰায় আটাইকেইতা কোঠাৰে দৰ্জা ভাঙি প্ৰবেশ কৰি চলালে লুটপাট। লুটি নিলে কেইবা হাজাৰ টকীয়া প্ৰজেক্টৰ মেচিন, মাইক-চেট, পানী-মটৰকে ধৰি বহু কেইপদ যাবতীয় সা-সামগ্ৰী।
কেৱল ইমানেই নহয়, বিদ্যালয়খনৰ অত্যন্ত গুৰুত্বপূৰ্ণ নথি-পত্ৰ সমূহ লণ্ডভণ্ড কৰাৰ উপৰিও ৰান্ধনি ঘৰৰ চৌকাত ভাত-ভাজি বনাই চোৰে আনি খালেহি মূল কাৰ্যালয়ৰ টেবুলত। কাৰ্যালয়টোতে টেবুল-ক্লঠ পাৰি আৰাম কৰাৰো সুবিধা কৰিলে ধুৰ্ত চোৰে। অৱশ্যে সোমবাৰে পুৱা চকীদাৰ গৰাকীয়ে বিদ্যালয় খুলিবলৈ আহিহে নিশা চোৰে সংঘটিত কৰা সমগ্ৰ কাণ্ডৰ বিষয়ে জানিব পাৰে।
ইফালে, সঘনাই অঞ্চলটোত সংঘটিত হৈ থকা এনেবোৰ চুৰিকাণ্ডৰ বিপৰীতে খাটোৱাল আৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিদ্যালয় খনৰ কৰ্তৃপক্ষ। খাটোৱাল আৰক্ষীক শীঘ্ৰে অঞ্চলটোত নিশা নিয়মীয়া তালাচীৰ ব্যৱস্থা আৰু চোৰক কৰায়ত্ব কৰিবলৈ আহ্বান জনাই স্থানীয় ৰাইজেও।