
নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ধূপগুৰি নৱজাগৰণ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহখন ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে সোমবাৰৰপৰা আৰম্ভ হৈছে। তদুপলক্ষে বিদ্যালয় চৌহদত পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱকাসকলৰ উপস্থিতিৰে একপ্ৰকাৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।
পুৱা ৯ বজাত পতাকা উত্তোলনেৰে ক্ৰীড়া সমাৰোহখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ এস্তাদুল হকে। ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উপাধ্যক্ষ নুৰুল আমিন কবিৰে শুভ উদ্বোধন কৰা শোভাযাত্ৰাটি জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিৰূপ আৰু বিহু নৃত্যৰ লগতে, বড়ো, কাৰ্বি, তিৱা, মিচিং, নেপালী, বেংগলী আদি জনগোষ্টীৰ বিভিন্ন সাংস্কৃতিক উপাদানেৰে বৰ্ণিল ৰূপত সজাই লৈ পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহনেৰে ধূপগুৰি আৰু ভেৰভেৰি অঞ্চল পদব্ৰজে পৰিভ্ৰমণ কৰোৱা হয়।
উল্লেখ্য যে, অহা ১৩ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই বাৰ্ষিক ক্ৰীড়া সমাৰোহখনত দৌৰ, মাৰাথান দৌৰ, হাই জাম্প, লং জাম্প, কাবাডী, ক্ৰিকেট, কুকুৰা যুঁজ, টেকেলি ভঙা, ৰচী টনা আদি বিভিন্ন লঘু, গুৰু আৰু পৰম্পৰাগত খেল ধেমালী অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে বিদ্যালয় কৰ্তৃপক্ষই৷