দৰংঃ দৰঙৰ খাৰুপেটীয়া নগৰৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা তথা বিশিষ্ট সমাজ সেৱক আৰু খাৰুপেটীয়া কলেজৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আব্দুল হাকিমৰ মঙলবাৰে শেষ নিশা দেহাৱসান ঘটে৷ 

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ৷ উল্লেখ্য যে, আজি প্ৰায় এমাহৰপৰা শাৰীৰিক অসুস্থতাত ভুগি থকা প্ৰয়াত আলহাজ আব্দুল হাকিম দৰঙৰ লগতে বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত সকলোৱেই ৰেডিঅ’ আৰু টিভিৰ এগৰাকী কাৰিকৰী দক্ষতা সম্পন্ন ব্যক্তি হিচাপে জনিছিল যদিও পিছলৈ তেখেতে সত্তৰৰ পৰা আশি দশকৰ মাজভাগত পঞ্চায়ত কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈ ৰাইজক প্ৰতিনিধিত্ব কৰিছিল৷

ইয়াৰ উপৰিও সামাজিকভাৱে খাৰুপেটীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ খাৰুপেটীয়া টাউন জামে মছজিদৰ পৰিচালনা সমিতিৰ সম্পাদক, লেণ্ড এডভাইজাৰি বৰ্ডৰ সদস্যৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া হিচাপে সমাজ সেৱামূলক কামৰ সৈতে জড়িত আছিল৷ ইয়াৰোপৰি তেখেতে অন্যান্য ঠাইৰ লগতে দৰঙৰ বিশেষকৈ বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত তবলিগ জামাতৰ জিম্মাদাৰ হিচাপে ধৰ্মীয় সজাগতাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল৷ 

তেখেতৰ প্ৰচেষ্টাত বহুলোকে তবলিগমুখী হৈ ইছলাম তথা ধৰ্মীয়ভাৱে সজাগ হৈছে৷ অতি সৰল তথা অমায়িক স্বভাৱৰ এই জন জ্যেষ্ঠ ব্যক্তি তথা বিশিষ্ট সমাজ সেৱকৰ আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱাত শোক স্তব্ধ হৈ পৰে বৃহত্তৰ খাৰুপেটীয়া অঞ্চল৷ তেখেতৰ জানাজা খাৰুপেটীয়া টাউন জামে মছজিদ প্ৰাংগনত দিনৰ ২ বজাত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত এক শোকাকুল পৰিবেশৰ মাজত সম্পন্ন হৈ যায়৷ 

তেখেতৰ জানাজাৰ পুৰ্বে খাৰুপেটীয়া টাউন জামে মছজিদ প্ৰাংগনত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত মৌলানা ওসমান গণি কাচিমী, অধ্যাপক আব্দুল কৰিম, মৌলনা আবুল হোছেইন, মৌলনা আবু বক্কৰ ছিদ্দিক প্ৰমুখ্যে কেবাজনো বিশিষ্ট লোকে ধৰ্মীয় ও তেখেতৰ জীৱনাদৰ্শৰ ওপৰত বক্তব্য দাঙি ধৰে৷ তেখেতে মৃত্যুৰ সময়ত স্ত্ৰী, তিনজন পুত্ৰ সন্তান এগৰাকী কন্যাসহ নাতি, নাতিনীয়েকক ইহসংসাৰত এৰি থৈ যায়৷