♦ কাৰাদণ্ড আৰু শান্তি আলোচনা সমান্তৰালভাৱে অসম্ভৱঃ অঞ্জলী দৈমাৰী

ওদালগুৰিঃ এন ডি এন বিৰ কাৰাৰুদ্ধ অধ্যক্ষ ডি আৰ নাবলা ওৰফে ৰঞ্জণ দৈমাৰীক মুক্তিৰ দাবীত মঙলবাৰে ওদালগুৰিত উলিওৱা হয় এক বিশাল সমদল। ওদালগুৰি ডাইমণ্ড ইংলিচ স্কুলৰ সমীপৰ নলবাৰী খেলপথাৰৰপৰা উলিওৱা সমদলটো চহৰখনৰ সোঁমাজেৰে প্ৰায় চাৰি কিল'মিটাৰ পথ খোজ কাঢ়ি গৈ পুনৰ একেখন খেল পথাৰত সামৰণি পৰে।

ডি আৰ নাবলাক মুক্তি দিয়ক, নো নাব্লা নো পিচ্, ডিফাইদ আচাম ফিভটি ফিভটি আদি অবিৰাম ধ্বনিত কঁপি উঠে ওদালগুৰি চহৰ। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰে লানি নিচিগা শাৰীৰ ফলত চহৰখনৰ বাট-পথ স্তব্ধ হৈ পৰে।

বড়ো ওমেন জাষ্টিচ ফ'ৰাম, ছ’চাইটী এণ্ড ইণ্ডিজিনিয়াছ পিপল ফৰ ৰাইট আৰু বি পি চি পি আইৰ উদ্যোগত উলিওৱা সমদলৰ অন্তত খেলপথাৰখনত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰী, এন ডি এফ বিৰ সাধাৰণ সম্পাদক বি অঞ্জালু, বি টি চি প্ৰাক্তন উপাধ্যক্ষ পুৰ্ণকান্ত দৈমাৰী, উদ্যোক্তা সংগঠনৰ নেতৃবৃন্দৰ লগতে আগছুৰ বি টি চি আঞ্চলিকৰ সম্পাদক ৰোহিত দাহাল উপস্থিত থাকে।

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অঞ্জলী দৈমাৰীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে যিকোনো দোষীক শাস্তি দিয়াত আপত্তি নাই, কিন্তু  বিচাৰত বৈষম্য থাকিব নেলাগে। কোনো উগ্ৰপন্থী সংগঠনৰ নেতাৰ ফাষ্টট্ৰেকত বিচাৰ চলাই শাস্তি বিহা নাই। কিন্তু এন ডি এফ বিৰ ক্ষেত্ৰত বৈষম্য কৰা বুলি দৈমাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শান্তি চুক্তিৰ জৰিয়তে এন ডি এফ বিৰ কাৰাৰুদ্ধ অধ্যক্ষগৰাকীক মুক্তি দিবলৈ তেওঁ দাবী জনাই কাৰাৰুদ্ধ আৰু শান্তি আলোচনা সমান্তৰালভাৱে নহয় বুলিও উল্লেখ কৰে।

কাৰাৰুদ্ধ নেতাজনৰ  মুক্তিৰ বাবেই হাজাৰ হাজাৰ বড়ো ৰাইজ ওলাই অহা বুলি তেওঁ জানিবলৈ দি শান্তিৰ হকে চৰকাৰে তেওঁক মুক্তিৰ দৰে পদক্ষেপ ল’ব লাগে বুলি নেত্ৰী গৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে চি বি আইৰ বিশেষ আদালতে বিগত ৩০ জানুৱাৰীত এন ডি এফ বিৰ অধ্যক্ষগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণাৰ পাছৰেপৰা তেওঁৰ মুক্তিৰ দাবীত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী।