13
Feb
2019

নগাঁওঃ বিগত বহু বছৰৰপৰা নগাঁও জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা কুখ্যাত ড্ৰাগছ মাফিয়া আব্দুল জলিল ওৰফে খুকা অৱশেষত পৰিল আৰক্ষীৰ জালত৷
ধৃত ড্ৰাগছ মাফিয়াটোৰ ঘৰ নগাঁও চহৰৰ মধুপুৰত৷ এক গোপন সূত্ৰৰ পম খেদি মঙ্গলবাৰে নিশা নগাঁও সদৰ থানৰ নগৰ শাখাৰ উপ-পৰিদৰ্শক বিৰাজ মোহন ডেকাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে বৃহস্পতিবাৰে নিশা শিয়ালমাৰিৰপৰা আটক কৰে ড্ৰাগছ মাফিয়াটোক।
কুখ্যাত ড্ৰাগছ মাফিয়া খুকাৰ ওপৰত নগাঁও সদৰ থানাত বহু কেইটা গোচৰ ৰুজু হৈ আছে। বহু দিনৰপৰা আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল যদিও অৱশেষত খুকাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। বৰ্তমানে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ অধিক তথ্য লাভৰ বাবে খুকাৰ ওপৰত মাৰাথন জেৰা অব্যাহত ৰাখিছে।