তেজপুৰঃ ৰাজ্যসভাত অন্তিম দিনাৰ কাৰ্যসূচীত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নকৰি ৰাজ্যসভা অনিৰ্দিষ্টকাললৈ স্থগিত কৰিলে৷ প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত বিধেয়কখৰ কাম নহ’ল, এয়া জাতি-মাটি-ভেটিৰ বিষয়ে চিন্তা কৰা প্ৰতিবাদীসকলৰ লগতে সমগ্ৰ ৰাইজৰ জয়৷

অৱশেষত সকলোৰে প্ৰতিবাদ তথা আন্দোলন কৰা বিধেয়কৰ বিৰোধী সকলোৰে মনত অপাৰ আনন্দ৷ য’ত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপিত নোহোৱাৰ বাবে বহু ঠাইৰ লগতে তেজপুৰতো বিভিন্ন দল সংগঠনৰ বোমা ফুটাই উল্লাস কৰি আনন্দ কৰা দেখা গ’ল।