♦ বি জে পিক ক্ষমতাচ্যুত কৰাৰ আহ্বান

গুৱাহাটীঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসী জনগণৰ প্ৰৱল বিৰোধিতাৰ বাবেই বি জে পি নেতৃত্বাধীন চৰকাৰে বুধবাৰে ৰাজ্যসভাত দেশৰ সংবিধান বিৰোধী, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ উত্থাপন তথা গৃহীত কৰিব নোৱাৰাত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন অসম ৰাজ্য পৰিষদে‌ সন্তুষ্টি প্ৰকাশ কৰি উত্তৰ-পূৰ্বাঞ্চলবাসী জনগণৰ লগতে দেশৰ সমূহ গণতান্ত্ৰিক- ধৰ্মনিৰপেক্ষ, বিধেয়ক বিৰোধী দল-সংগঠনলৈ অভিনন্দন জনাইছে।

সংগঠনটোৰ ৰাজ্যিক সভাপতি মানস বৰাই কয় যে ২০১৬ চনৰ ১৯ জুলাইত প্ৰথমবাৰৰ বাবে লোকসভাত উত্থাপন হোৱা বিধেয়কখনৰ বিৰোধিতা কৰি এ আই এছ এফে ২০১৬ চনৰপৰাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল।

আজি অসমৰ বিভিন্ন দল-সংগঠন তথা সংসদৰ বিৰোধী দলসমূহৰ তৎপৰতাৰ বাবেই চৰকাৰে বিধেয়কখন উত্থাপন কৰিব নোৱাৰিলে। উল্লেখযোগ্য যে চৰকাৰে চৰম ঔদ্ধত্যৰে গণতন্ত্ৰক ভৰিৰে মোহাৰি প্ৰতিবাদকাৰীৰ ওপৰত বিভিন্ন ধৰণে অত্যাচাৰ চলাই বিধেয়ক-বিৰোধী আন্দোলনক মষিমুৰ কৰাৰ চেষ্টা কৰিছিল। কিন্তু জনগণে তাৰ বিপৰীতে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাৰ ফলতে চৰকাৰ পিছ হোঁহকিবলৈ বাধ্য হ'ল। আজি জনগণৰ জয় হৈছে যদিও এই জয় সাময়িক। 

বিধেয়কখন চৰকাৰে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰি বা অধ্যাদেশ জাৰি কৰিও গৃহীত কৰিব বিচাৰিব পাৰে। গতিকে সকলো বিধেয়ক বিৰোধী দল-সংগঠন এই ক্ষেত্ৰত সজাগ হৈ থাকিব লাগিব। আনহাতে বিধেয়ক বিৰোধী এই জনআন্দোলনক বি জে পি বিৰোধী আন্দোলন হিচাপে গঢ় দি দল-সংগঠনসমূহে এই জনবিৰোধী দলটোক ক্ষমতাচ্যুত কৰাৰ ব্যৱস্থা কৰিব। এই সাময়িক জয়ত অধিক আবেগিক হৈ আনন্দত মতলীয়া হ'লে নহ'ব; এতিয়া বিকল্প গঢ়াৰ সময়। নহ'লে এই জয় পৰাজয়লৈ ৰূপান্তৰিত হ'বলৈ বেছি সময় নালাগিব। 

আগন্তুক লোকসভা নিৰ্বাচনকে মুখ্য কৰি আন নিৰ্বাচনসমূহত বি জে পিক পৰাজিত কৰিব লাগিব। অন্যথা দলটো পুনৰ শাসনত আহি সংখ্যাগৰিষ্ঠতা লাভ কৰিলে এই বিধেয়ক আইনত পৰিণত কৰিব। তাৰ বাবে ধৰ্মনিৰপেক্ষ-গণতান্ত্ৰিক দল-সংগঠনসমূহক এক শক্তিশালী বিকল্প গঢ়ি তুলিবলৈ আহ্বান জনাই এ আই এছ এফে।