
খৈৰাবাৰীঃ যোৱা শুকুৰবাৰে ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ভুটিয়াচাঙত দিনৰ প্ৰায় ১:৩০ বজাত এটি ডকাইতিৰ ঘটনা সংঘটিত হয়। এই ডকাইতিকাণ্ডই পানেৰী অঞ্চল জোকাৰি যায়৷
নোনাই নদীৰ দলঙৰ ওপৰত ৰঙা ৰঙৰ পালছাৰত অহা অচিনাক্ত দুজন দুৰ্বৃিত্তই ২ নং গৰুৱাঝাৰৰ দিলীপ সিকদাৰ আৰু ইকৰামূল হুছেইনৰপৰা তিনি লাখ টকা লোট কৰি পলায়ন কৰে। উক্ত টকাখিনি দিলীপ সিকদাৰে টংলাৰ চেন্ট্ৰেল বেংকৰপৰা ঘৰলৈ আনি আছিল।
ইয়াৰ পাছত ঘটনাস্থলীত পানেৰী থানাৰ আৰক্ষী আহি ঘটনাৰ বিষয়ে বুজ লৈ তদন্ত আৰম্ভ কৰে। চাৰিদিনৰ অন্তত দুটা দুৰ্বৃত্তৰ এটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷
আৰক্ষী সূত্ৰৰপৰা জানিব পৰা মতে দুৰ্বৃত্তটোৰ নাম গনেশ কলিতা (৩২)৷ ধৃত লোকজনৰ ঘৰ ডিমাকুচি থানাৰ অন্তৰ্গত নালাপাৰা অঞ্চলত৷ দুৰ্বৃত্তটোৰ নামত আগতেও এনে ধৰণৰ কাৰ্যত লিপ্ত থকাৰ প্ৰমাণ আছে বুলি ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোচে জানিবলৈ দিয়ে৷ এখন বাইকসহ গনেশ কলিতাক আৰক্ষীয়ে আটক কৰি সোধপোচ অব্যাহত ৰাখিছে৷