নগাঁওঃ এবছৰৰ উৎকণ্ঠাৰ অন্ত পেলাই বৃহস্পতিবাৰৰেপৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা৷ বিদ্যালয় পৰ্যায়ৰ এই পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ’লেহে ছাত্ৰ-ছাত্ৰীসকলে এটা নিৰ্দিষ্ট লক্ষ্যৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷

সেয়ে এই পৰীক্ষাত অৱৰ্তীণ হোৱা পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বহুদিনৰ আগৰেপৰা এটি খুব ভাল ফলাফলৰ আশাৰে যুদ্ধংদেহী মনোভাবেৰে মনপুতি পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে৷

কিন্তু প্ৰতিবছৰে এক দুষ্টচক্ৰই এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিল বা নকলৰ পয়োভৰ ঘটনাই সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোক প্ৰহসনত পৰিণত কৰি তোলে৷ তদ্ৰুপ এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোতেই সংঘটিত হ’ল বৃহৎ অঘটন৷ 

এইবাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে দুষ্কাৰ্য সংঘটিত হ’ল নগাঁও জিলাৰ অন্তৰ্গত জাজৰিত৷ জানিব পৰা মতে, জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰপৰা পৰীক্ষা আৰম্ভ হোৱাৰ ৩৫ মিনিট পাছতেই ফাদিল হ’ল আজি অনুষ্ঠিত হোৱা ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত৷ হোৱাটছ-আপৰ জৰিয়তে ফাদিল হোৱা এই প্ৰশ্নকাকত নিমিষতে সকলোৰে হাতে হাতে উপলবদ্ধ হৈ পৰে৷ যাক লৈ সমগ্ৰ অঞ্চলতে এক অনাহুত পৰিস্থিতিৰ উদ্ভৱ হয় যদিও আৰক্ষীয়ে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে উপযুক্ত নিৰাপত্তাৰ মাজেৰে পৰীক্ষাকেন্দ্ৰটোত পৰীক্ষা সুকলে অনুষ্ঠিত কৰে৷

উল্লেখ্য, এইদৰে পৰীক্ষাৰ আৰম্ভনিৰ দিনটোতেই প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো পোনচাতেই নাকচ কৰিছে পৰীক্ষা কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াই আৰু কোনো অসাধু চক্ৰৰ এয়া পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহীত কৰিছে৷ কিন্ত হোৱাটছ-আপত ফাদিল হোৱা প্ৰশ্নকাকতৰ সৈতে পৰীক্ষাৰ্থীৰ প্ৰশ্নকাকতৰ হুবহু মিল থকাত পৰীক্ষাকেন্দ্ৰটোৰ দায়িত্বত থকা বিদ্যালয়খনৰ অধ্যক্ষ আৰু আন শিক্ষক-কৰ্মচাৰীৰ প্ৰতি সন্দেহৰ আঙুলি টুঁৱাইছে সচেতন মহলে৷

অভিযোগ মতে, পৰীক্ষাকেন্দ্ৰটোৰ দায়িত্বত থকা কোনো লোকে ম’বাইলেৰে প্ৰশ্নকাকতৰ ফটো তুলি সেইবোৰ হোৱাটছ-আপৰ জৰিয়তে ফাদিল কৰে৷ কাজেই, পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন কটকটীয়া ব্যৱস্থা চেবাই গ্ৰহণ কৰিছে যদিও পৰীক্ষা কেন্দ্ৰত ম’বাইল নিষিদ্ধ থকাৰ পাছতো এনেদৰে পৰীক্ষা আৰম্ভ হোৱাৰ মাত্ৰ ৩৫ মিনিটৰ পাছতেই এনেদৰে ওৱাটছ-এপৰ জৰিয়তে অভিভাৱকৰ হাতে হাতে প্ৰশ্নকাকত বিয়পি পৰা ঘটনাই এতিয়া সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছে৷

ইফালে, ঘটনা সংক্ৰান্তত পৰীক্ষাকেন্দ্ৰটোৰ কৰ্তৃপক্ষই উচিৎ তদন্তৰ দাবী জনাই এখন এজাহাৰ দাখিল কৰিছে স্থানীয় জাজৰি আৰক্ষী থানাত৷ আৰক্ষীয়ে এজাহাৰৰ ওপৰত ভিত্তি কৰি এটি গোচৰ ৰুজু কৰি মানস জ্যোতি মহন্ত নামৰ স্থানীয় এজন যুৱকক সোধপোছৰ বাবে ইতিমধ্যে আটক কৰিছে৷ জানিব পৰা মতে, এটা অখ্যাত ৱেভ পৰ্টেলৰ সাংবাদিক হিচাপে পৰিচয় দিয়া এই যুৱকজনে প্ৰথমে এই প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টো ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছিল৷

সি যি নহওক প্ৰশ্নকাকত ফাদিলৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীয়ে ইয়াৰ এক উচিৎ তদন্তৰদ্বাৰা প্ৰকৃত সত্য উদঘাটনৰ দাবী জনাইছে সচেতন লোকসকলে৷