গুৱাহাটীঃ অসম হ’বলৈ গৈ আছে নেকি ম্যানমাৰৰ ৰহিঙিয়াৰ বিচৰণ ভূমি? চুবুৰীয়া দেশখমত নিগৃহীত লাখ লাখ ৰহিঙিয়া শৰণাৰ্থীয়ে ম্যানমাৰ-বাংলাদেশৰ সীমা আৰু বাংলাদেশৰ কক্স বাজাৰত আশ্ৰয় লৈ আছে৷

এই শৰণাৰ্থীসকলৰ একাংশই ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি অসমৰ লোকৰপৰা দান-বৰঙনি সংগ্ৰহ কৰি লৈ যোৱা এক ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

এমাহ পলমকৈ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এখন পত্ৰই এই সংবেদনশীল বিষয়টো পোহৰলৈ আনিছে৷ 

হায়দৰাবাদৰ এটা ৰহিঙিয়াৰ দলে মৰিগাঁৱৰ মৈৰাবাৰীৰ এটা মছজিদত কেইবাদিনো থাকি তেওঁলোকৰ বাবে ধন সংগ্ৰহ কৰি নিয়ে৷ 

তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যে ভাৰত চৰকাৰে দেশত ৰহিঙিয়া শৰণাৰ্থীক আশ্ৰয় দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়াৰ পাছতো আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি কেনেকৈ ধন সংগ্ৰহ কৰিব পাৰিলে? 

অকল সিমানেই নহয়, মৈৰাবাৰীৰ জামিয়া ইছলামিয়া দাৰুল উলুমা নামৰ সংগঠনটোৱে ৰহিঙিয়াসকলৰ হৈ অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক দান কৰিবলৈও লিখিত আহ্বান জনায়৷

হিন্দু বাংলাদেশীক অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰখা নহ’ব বুলি জোৰদাৰ আন্দোলন কৰি সাময়িকভাৱে সফলতা লাভ কৰাৰ সময়তে ৰহিঙিয়া শৰণাৰ্থীয়ে ৰাজ্যত ধন সমগ্ৰহ কৰি যোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে৷