♦ ১৭,৭৭৩ জন কৃষকলৈ ৫ হাজাৰ টকাকৈ সাহায্য প্ৰদান, মৰিগাঁৱত শীঘ্ৰে মাটি পৰীক্ষাৰ পৰীক্ষাগাৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিব জিলা প্ৰশাসনে

মৰিগাঁওঃ মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ অনুদান বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।
উপায়ুক্ত বৰাই আঁচনিখন উদ্বোধন কৰি দিয়া ভাষণত কয় কৃষি হৈছে আমাৰ মূল তত্ব। ইতিমধ্যে চৰকাৰে কৃষকসকল উপকৃত হ’ব পৰাকৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু আমাৰ জিলা প্ৰশাসনেও কৃষকসকলক সহায় কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে।
উপায়ুক্তগৰাকীয়ে ভাষণত মৰিগাঁৱৰ কৃষক ৰাইজৰ সুবিধাৰ বাবে শীঘ্ৰে মাটি পৰীক্ষণৰ এটা পৰীক্ষাগাৰ স্থাপন কৰা হ’ব বুলিও প্ৰকাশ কৰে। জিলা মহকুমা বিষয়া হৰেন্দ্ৰ নাথ তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰা আৰু কৃষি সম্প্ৰসাৰণ সহায়ক তথা ঔজাৰি কৃষি ফাৰ্মৰ প্ৰবন্ধক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা সভাখনত তিৱা জাতীয় ঐক্য মঞ্চৰ মুখপাত্ৰ অজিত ডেকা, জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰৰ ৰিজুস্মিতা শৰ্মাই ভাষণ প্ৰদান কৰা সভাখনত গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা মৰিগাঁও কৃষকসকলে ভোগ কৰি অহা সমস্যাসমূহৰ এক বিশ্লেষাত্মক ব্যাখ্যা দাঙি ধৰে৷
মৰিগাঁৱত কৃষকৰ বাবে কৃষি সংৰক্ষনৰ সুবিধাৰ্থে এটা শীতল গৃহ স্থাপনৰ বিষয়ে জিলা প্ৰশাসনক দৃষ্টি গোচৰ কৰা হয়। জিলা কৃষি বিষয়া সুৰজ কুমাৰ কলিতা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, অতিৰিক্ত উপায়ুক্ত চৈয়দ তহিদুৰ ৰহমান, বেংক বিষয়া এছ দাস, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথ, লাহৰীঘাট সমষ্টিৰ বি জে পিৰ সম্পাদক নিৰ্মল কোঁৱৰকে আদি কৰি জিলা প্ৰশাসন, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা সভাখনত ৮ জন কৃষকক আনুষ্ঠানিকভাৱে ৫ হাজাৰ টকাকৈ একোখন চেক প্ৰদান কৰে।
উল্লেখ্য যে এই আচঁনিৰ অধীনত জিলা খনৰ মুঠ ১৭,৭৭৩ জন কৃষকক ৫ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰিছে চৰকাৰে।