♦ কোচ ৰাজবংশী লোকৰ এলেকাত বি জে পি-বি পি এফৰ নেতাৰ প্ৰৱেশ নিষিদ্ধ

ওদালগুৰিঃ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে আক্ৰাছুৰ (অতুল বৰ্মণ) গোটে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অটুল বৰ্মনে শুকুৰবাৰে বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত অভিযোগ কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দৰে বি জে পি চৰকাৰেও আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ নকৰি চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে।
ইয়াত হাত উজান দিছে বি পি এফৰ দৰে আঞ্চলিক দলেও। ২০১৪ চনৰ লোকসভা নিৰ্ব্বাচনৰ সময়ত বি জে পিৰ চৰকাৰ গঠন হ'লে ছয় মাহৰ ভিতৰত কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি বিবৃতিটোত উল্লেখ কৰি ইয়াৰদ্বাৰা কোচ-ৰাজবংশী লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।
কেন্দ্ৰীয় চৰকাৰখনে অন্তিম সময়তো ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন নকৰি কোচ-ৰাজবংশী জনগোষ্ঠীটোক প্ৰতাৰণা কৰা বুলি আক্ৰাছু নেতাগৰাকীয়ে বিবৃতিটোৰ যোগেদি ক্ষোভ প্ৰকাশ কৰে।
কংগ্ৰেছৰ দৰে বি জে পি চৰকাৰখনকো মিছলীয়া চৰকাৰ আখ্যা দি দলটোৱে ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি উল্লেখ কৰে। বি জে পি চৰকাৰখনক কোচ-ৰাজবংশীসকলক জনজাতিকৰণ নকৰিবলৈ বি পি এফ আৰু ট্ৰাইবেল সংঘই হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ কৰি বিবৃতিৰ জৰিয়তে দুয়োটা দল- সংগঠনকে তীব্ৰ ভাৱে গৰিহনা দিয়ে আক্ৰাছুৰ উক্ত গোটটোৱে।
আক্ৰাছু নেতা বৰ্মণে আগন্তুক লোকসভা নিৰ্বাচনৰ লগতে ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া বি টি চি নিৰ্বাচনৰ বাবে কোচ-ৰাজবংশী এলেকাত ভোট বিচাৰি নাযাবলৈ বি জে পি আৰু বি পি এফ দলক সকীয়নি দি কোচ-ৰাজবংশী এলেকাত দল দুটাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে।
ইয়াৰ পাছতো যদি কোনো নেতা প্ৰৱেশৰ পাছত অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তাৰ বাবে কোচ-ৰাজবংশী লোক দায়ী নহয় বুলি সকীয়াই দি বি জে পি আৰু বি পি এফত থকা কোচ-ৰাজবংশীৰ লোকসকলক দল ত্যাগ কৰি ওলাই অহাৰ আহ্বান জনায়। বিবৃতিটোৰ জৰিয়তে নেতাগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বি জে পি চৰকাৰখনে কৰা প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিবলৈ কোচ ৰাজবংশী ৰাইজৰ প্ৰতি আহবান জনায়।