16
Feb
2019

তেজপুৰঃ সভা-সমিতি, অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলোৱে ব্যৱহাৰ কৰে অনুভাষ যন্ত্ৰ তথা শব্দযন্ত্ৰ তথা মাইক।এই মাইক বা শব্দযন্ত্ৰ ভাড়াত আনি ব্যৱহাৰ কৰি আহিছে।
শোনিতপুৰত প্ৰায় দুকুৰি সৰু বৰ যন্ত্ৰ। আনফালে, শনিবাৰে ব্যৱসায়ীসকল শোনিতপুৰ জিলা শব্দযন্ত্ৰী সন্থাত একত্ৰিত হয়। আজি তেজপুৰৰ ৰঙা পুখুৰী পাৰত অনুষ্ঠিত সভাত শোনিতপুৰ জিলা শব্দযন্ত্ৰী সন্থাখন গঠন কৰি শব্দযন্ত্ৰী সকলৰ সমস্যা ওপৰত আলোচনা কৰা হয়।
লগেত সভাত শব্দযন্ত্ৰী সকলৰ কেন্দ্ৰীয় নেতা প্ৰতাপ কোঁৱৰে উপস্থিত থাকি শনিৰাম কলিতাক সভাপতি, জয়ন্ত ডেকাক সম্পাদক হিচাপে লৈ সমিতি গঠন কৰে।