
গুৱাহাটীঃ নামৰূপ মহাবিদ্যালয়ত যোৱা ৯ ফেব্ৰুৱাৰীৰপৰা ৬ দিনীয়া কাৰ্যসূচীৰে মানৱ সম্পদ মন্ত্ৰালয়ৰ অৰ্থসাহায্যৰে নামৰূপ মহাবিদ্যালয় আৰু শিক্ষণ-শিকন কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত 'Innovation and Rejuvenation of Teaching in Higher Education' শাৰ্ষক এক প্ৰশিক্ষণ অনুষ্ঠিত হয়৷
প্ৰশিক্ষণৰ যুটীয়া সমন্বয়ক ডঃ নিবেদিতা ফুকনে জানিবলৈ দিয়া মতে, এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য আছিল আধুনিক কাৰিকৰী প্ৰযুক্তিৰ শিক্ষণ-শিকন প্ৰণালী শিক্ষক সমাজে ব্যৱহাৰ কৰি যাতে শ্ৰেণীকোঠাৰ শৈক্ষিক পৰিৱেশ ছাত্ৰ-ছাত্ৰীৰ বাবে অধিক মনোগ্ৰাহী কৰি তুলিব পৰে।
এই প্ৰশিক্ষণৰ সমল ব্যক্তি আছিল ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, গুৱাহাটীৰ একাডেমিক ষ্টাফ কলেজৰ সঞ্চালক প্ৰাধ্যাপক যোগেন চন্দ্ৰ কলিতা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডেইজী বৰা তালুকদাৰ, প্ৰাধ্যাপক নীতা কলিতা বৰুৱা, প্ৰাধ্যাপক মুকুট হাজৰিকা, প্ৰাধ্যাপক এল আৰ শইকীয়া, প্ৰাধ্যাপক মহম্মদ ইকবাল এইচ আহমেদৰ লগতে আন আন সকল।
৬ দিনীয়া প্ৰশিক্ষণৰ সামৰণি অনুস্থানত উপস্থিত থাকি প্ৰাধ্যাপক ৰূপম শইকীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালক প্ৰাধ্যাপক মৃন্ময় শৰ্মায়েও ভাষণ প্ৰদান কৰে৷ নামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অতুল গগৈ, উপাধ্যক্ষ বিমল গগৈ আৰু সমন্বয়ক ইকবাল আহমেদ, ডঃ নিবেদিতা ফুকন আৰু জয়ন্ত সোণোৱালৰ বক্তব্যৰ পাছতেই সকলো প্ৰশিক্ষাৰ্থীক মান-পত্ৰ প্ৰদান কৰি জাতীয় সংগীত পৰিৱেশনেৰে অনুস্থানৰ সামৰণি মৰা হয়৷