লালুকঃ লখিমপুৰৰ হাৰমতি বাগানৰ বগলী খণ্ডত বিদ্যুস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু হয়৷ বাগানৰ মাজৰ ১১ হাজাৰ কেভি বিদুৎ পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হয়৷ 

একেবাৰে নিম্ন উচ্চতাত আছিল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ৷ প্ৰায় বাৰ বছৰীয়া হাতীৰ পোৱালিটোৱে বগলী নদীত পানী খাবলৈ আহিছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, ঘটনাস্থলীত বিদ্যুত বিভাগৰ লোক উপস্থিত নোহোৱাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ 

ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে লালুক পশু চিকিৎসালয়ৰ চিকিৎসকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা কৰি পুঁতি পেলোৱাৰ ব্যৱস্থা কৰে৷