তামুলপুৰ: কাশ্মীৰত পুলুৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ  হেৰুওৱা বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীৰ চি আৰ পি এফ জোৱান বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ নগাঁও চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান এছ আৰ কে ছেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।

আজি কলেজখনৰ অধ্যক্ষ জাকিৰ হুছেইন ভূঞা, পৰিচালনা সমিতি মুখ্য উপদেষ্টা কাছেম আহমেদ, সভাপতি মইনুল হক, শিক্ষক হাদি হাজৰিকা আৰু জানেলিষ্ট ইউনিয়ন অব আছামৰ উপ-সভাপতি তথা জ্যেষ্ঠ সাংবাদিক পলাশ ৰঞ্জন দাসসহ এটি সজাতি দলে তামুলপুৰৰ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ পঞ্চাশ হাজাৰ টকাৰ ধন ৰাশি প্ৰদান কৰে।