
গুৱাহাটীঃ প্ৰতিবাদী ধৰ্ণাত উত্তাল অসম ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সঞ্চালক কার্যলয়। প্ৰাপ্যৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অসম ৰাজ্যিক অংগনবাড়ী কর্মী, সহায়িকা সন্থা আৰু অসম অংগনৱাড়ী কর্মী, সহায়িকা সন্থাই। তেওঁলোকৰ দাবী যোৱা ২০১৭ চনৰ ৫ জানুৱাৰীৰপৰা ৰাজ্য অংগনবাড়ী কৰ্মীসকলে প্ৰাপ্যৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বাৰম্বাৰ প্ৰতিবাদ জনাইছে। কিন্তু আজি পৰ্যন্ত কোনো ফলাফল লাভ কৰা নাই ৰাজ্য অংগনবাড়ী কর্মী আৰু সহায়িকা সকলে৷ তাৰ প্ৰতিবাদত আজি তেওঁলোক পুনৰ ওলাই আহিবলৈ বাধ্য হৈছে সমাজ কল্যান বিভাগৰ সঞ্চালকালয় কাৰ্যলয়লৈ।
উল্লেখ্য যে, দীর্ঘদিনৰপৰা তেওঁলোকে সমাজ কল্যাণ বিভাগৰ ওচৰত দাবী জনাই যে অংগনবাড়ী কৰ্মীসকলক চৰকাৰে সামান্য মাননী দিয়াৰ পৰিৱৰ্তে তেওঁলোকক মাহিলী ৫০০০ টকা আৰু সহায়িকা সকলক ৩৫০০ টকা আদায় দিব লাগে। ইয়াৰ উপৰিও প্ৰতিগৰাকী কর্মীৰ অৱসৰ সময়ত ২ লাখ টকা আৰু সহায়িকা সকলক ১ লাখ ৫০ হাজাৰ টকা এককালিন সাহায্য প্ৰদান কৰিব লাগে। কিন্তু অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে কর্মী আৰু সহায়িকা সকলৰ দাবী সমূহ পূৰণ কৰিব বুলি বাৰে বাৰে আশ্বাস প্ৰদানৰ পাছতো আজিলৈকে কোনোধৰণৰ ব্যৱস্থা লোৱা দেখা নগ’ল৷
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে।সম্পাদিকা গৰাকীয়ে অংশগ্ৰহণ কৰি কয় যে তেওঁলোকৰ দাবী সমূহ পূৰণ কৰাৰ বাবে ২০১৭ চনৰ ২৮ ডিচেম্বৰৰ সেই সময়ৰ সমাজ কল্যাণ বিভাগৰ আয়ুক্ত আলোক কুমাৰ চহৰীয়াৰ লগত আলোচনাত মিলিত হৈছিল। সেই বৈঠকত অংগনবাড়ী কর্মী সকলক ১০০০টকা, সহায়িকা সকলক ৫০০ টকা আৰু মিনি কৰ্মীৰ বাবে ৭৫০ টকা এককালিন সাহায্য দিয়াৰ বাবে ৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে বুলি আশ্বাস দিছিল৷ আনহাতে, অন্যান্য দাবীসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ’ব আশ্বাস দিয়া কাম সমূহো আজিলৈকে কাৰ্যকৰি কৰা হোৱা নায়৷
তাৰ প্ৰতিবাদত আজি অংগনবাড়ী কর্মী আৰু সহায়িকা সকলে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী।
ইয়াৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক অঙ্গনবাড়ী কর্মী আৰু সহায়িকা সন্থা সভানেত্ৰী নীৰদা কাকতিয়ে তাৎপৰ্যপূৰ্ণ ভাৱে কয় যে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে ৬০ বছৰৰ কর্মী-সহায়িকা সকলক কোনো ধৰণৰ সাহায্য প্ৰদান নকৰাকৈ অৱসৰ গ্ৰহণ লোৱা বাবে হেঁচা প্ৰদান কৰিছে। যাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে বুলি জানিবলৈ দিয়ে কাকতিয়ে?
এককালিন সাহায্য প্ৰদান নকৰাকৈ কর্মী-সহায়িকা অৱসৰ বাবে দিয়া নিৰ্দেশনা বন্ধ কৰিব লাগে। ইয়াৰ উপৰিও কৰ্মৰত সহায়িকা সকলক খালি হৈ থকা কর্মী পদত নিয়োগ কৰিব লাগে। লগতে তেওঁলোকক দিয়া আশ্বাস সমূহ অতি সোনকালে কাৰ্যকৰি কৰিব লাগে বুলি এই আটাইবোৰ বিষয়ে উল্লেখ কৰি তেওঁলোকে সমাজ কল্যাণ বিভাগৰ সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
সঞ্চালক গৰাকীয়ে তেওঁলোকৰ দাবী সমূহ ২ মাহৰ ভিতৰত কাৰ্যকৰি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীত অসম অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থা কাৰ্যকৰি সভানেত্ৰী চিত্ৰা দলে, বিনু ৰাজখোৱা উপস্থিত থাকে।