17
May
2017

কামপুৰঃ চিবিআইৰ নাম লৈ ধন ঘটা এজন প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হৈছে কামপুৰ আৰক্ষী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি ফুৰা মৰিগাঁৱৰ আজমত আলী অৱশেষত কামপুৰ আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে।
কামপুৰত ভাড়াঘৰ লৈ আত্মগোপন কৰি থকা হাজমত আলীক মঙলবাৰে নিশাৰ ভাগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। কামপুৰৰ লগতে ডিব্ৰুগড়ৰ কেইবাজনো লোকৰ পৰা চাকৰি দিয়াৰ পলোভনৰে ৫০ হাজৰকৈ টকা সংগ্ৰহ কৰিছিল প্ৰবঞ্চকজনে।