
বাঘবৰঃ নেদেখিলে বিশ্বাস কৰিব নোৱাৰি যে এনেকুৱা পথো থাকিব পাৰে। বৰপেটা জিলাৰ সদৰ বৰপেটা সমষ্টিৰ চৰকপাৰা গাঁৱৰ পুখুৰী সদৃশ গড়কপ্টানী পথৰ দুৰৱস্থা দেখোতাজনেহে বিশ্বাস কৰিব পাৰিব।
জানিব পৰা মতে, মন্দিয়াৰ-পালহাজী সংযোগী গড়কাপ্তানী পথটো পাঁচ বছৰ পূৰ্বে বাৰিষাত ভাঙি যায়। তাৰ পিছৰ পৰাই গড়কপ্টানী পথটোৰে দৈনন্দিন বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিবলগা হ’ল স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী সহ কেইবা সহস্ৰাধিক ৰাইজে।
বিগত প্ৰায় পাঁচ বছৰ ধৰি ৰাস্তাটোৰ বাবে ৰাইজে দুৰ্ভোগ ভূগিছে যদিও আজিলৈকে চকুত পৰা নাই স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাস, জিলা প্ৰশাসন, চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিসকলৰ।
যাৰ ফলত ৰাইজে চৰকপাৰা গাওঁখনক বৰপেটাৰ অভিশপ্ত গাওঁ বুলি অভিহিত কৰিছে। তাপৰ্য্যপূৰ্ণ কথা যে যি সময়তে চৰকাৰে গ্ৰামাঞ্চলত এমএমৰেগা আচঁনিৰ জৰিয়তে বাট-পথসমূহ সুচল কৰি তুলিবলৈ অহৰহ চেষ্টা চলাইছে, সেই সময়তে এই পুখুৰী সদৃশ ৰাস্তাৰ ছবিয়ে সচেতন মহলৰ চিন্তিত কৰি তুলিছে।
বাৰিষা আহিলে স্থানীয় ৰাইজে বছৰৰ পিছত বছৰ ধৰি এগৰাকী ব্যক্তিয়ে বাঁহৰ সাকোৰ ব্যৱস্থা কৰিছে, কিন্তু স্কুল কলেজ অথবা স্থানীয় ৰাইজে পইচা দি পাৰ হ’ব লগা হৈছে। সাকোৰে পাৰ হোৱাত বহু লোকে দুৰ্ঘটনাৰ সন্মুখীন হৈছে।
উল্লেখযোগ্য যে, এয়া কোনো বিৰোধী দলৰ বিধায়কৰ সমষ্টিৰ দৃশ্য নহয়। পৰিৱৰ্তনকামী চৰকাৰৰ মিত্ৰজোঁটৰ অগপৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ বৰপেটা সমষ্টিৰ দৃশ্য। শেষত পৰিৱৰ্তনকামী চৰকাৰৰ ওচৰত ভূক্তভোগী ৰাইজে ৰাস্তাটো অতি শীঘ্ৰেই মেৰামতি কৰিবলৈ দাবী জনাইছে।