গুৱাহাটীঃ দুৰ্নীতিৰ অভিযোগত ৬ মীন বিষয়াক নিলম্বন কৰে। নিলম্বিত হ’ল শোণিতপুৰৰ বৰচলা উন্নয়ন খণ্ডৰ মীন বিষয়া বিশ্বজিত্‍ কাশ্যপ, কামৰূপ জিলাৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ মীন পৰিদৰ্শক ৰাজেন দাস, ডিমৰীয়া উন্নয়ন খণ্ডৰ মীন পৰিদৰ্শক দেৱেশ্বৰ সোণোৱাল, গোৱালপাৰাৰ সহকাৰী মীন বিষয়া প্ৰতুল দাস।

 
নগাঁৱৰ ২ মীন বিষয়াকো নিলম্বন ৰাজ্য চৰকাৰৰ। বাজিয়াগাঁও উন্নয়ন খণ্ডৰ মীন পৰিদৰ্শক মনোৱাৰ হুছেইন আৰু লাওখোৱা উন্নয়ন খণ্ডৰ মীন পৰিদৰ্শক আব্দুল বাৰিককো নিলম্বন। কৰ্মৰ প্ৰতি অৱহেলা, অপকৰ্মত জড়িতৰ অভিযোগত নিলম্বন আটাইকেইজন বিষয়াক।