03
Mar
2019

বৰনদ্দীঃ ড্ৰাগছ, ৰাগিয়াল বস্তু তথা অসামাজিক কাৰ্য-কালাপ আদিয়ে সম্প্ৰতি সমাজ জীৱন কলুষিত কৰিছে। এচাম ধুৰন্ধৰ ব্যক্তিয়ে অসমৰ লগতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত যেন চোৰাং বেহাৰ পাং পাতিছে।
এই গইনাৰে শনিবাৰে পশ্চিম নলবাৰী অঞ্চলৰ জাগাৰাত আৰক্ষীয়ে দুজন লোক সহ বহু পৰিমানৰ ড্ৰাগছ জব্দ কৰে। জানিব পৰামতে এখন গাড়ীৰে আনি থকা অৱস্থাত বেলশৰ আৰক্ষীয়ে উক্ত ড্ৰাগছখিনি জব্দ কৰে। ড্ৰাগছসহ আটক কৰা ধৃত লোক দুজন অহেব আলী আৰু ৰুবুল আলী বুলি জানিব পৰা গৈছে।