গুৱাহাটীঃ যোৱা ১৬ জানুৱাৰৰপৰা ৪ মাৰ্চ লৈকে প্ৰয়াগৰাজৰ কুম্ভ মেলাত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ সাংস্কৃতিক উৎসৱ 'অপনা পূর্বোত্তৰ এক ৰেঙনি সোমবাৰে সমাপ্তি ঘটে। 

কুম্ভৰ ছেক্টৰ সাতত দুই একৰ ভূমিত সংস্কাৰ ভাৰতী পূর্বোত্তৰৰদ্বাৰা আয়োজন কৰা এই উৎসৱত উত্তৰ পুর্বাঞ্চলৰ লোক, পাৰম্পৰিক গীত, নৃত্য, নাট্য, সাজপাৰ আৰু খাদ্য দ্ৰব্যৰ প্ৰদর্শনী অনুষ্ঠিত কৰা হয়।

নিতৌ উত্তৰ পুর্বাঞ্চলৰ আঠোখন ৰাজ্যৰ শিল্পীসকলে নৃত্য-গীত পৰিৱেশন কৰি খলকনি তোলা এই সাংস্কৃতিক সমাৰোহত দেশ-বিদেশৰ পৰ্যটকেৰে ভৰি পৰিছিল। 'অপনা পূর্বোত্তৰ এক ৰেঙনি’০ অনুষ্ঠানৰ পৰিকল্পনা আৰু সমন্বয়ক আছিল অসমৰ দয়াল কৃষ্ণ নাথৰ। 

উত্তৰ পূর্বাঞ্চলৰ সাংস্কৃতিক ৰূপৰেখা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰ বাবে এই সমন্বয়ৰ সমাৱেশ অনুষ্ঠিত কৰা হৈছিল। ত্ৰিবেনী সংগম ক্ষেত্ৰ আৰু বিভিন্নজন স্বামীৰ আখাৰাত (অস্থায়ী আশ্ৰমত) শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে। 

পাঁচ হাজাৰতকৈ অধিক উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। যোৱা ৪ মার্চত এই সমাৰোহৰ সমাপ্তি ঘটে।