
গুৱাহাটীঃ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মহানগৰীৰ আমবাৰীস্থিত বুঢ়া মছজিদৰপৰা দীঘলীপুখুৰী পাৰলৈ সদৌ অসম গৰীয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে ৰূপায়ন কৰে এক প্ৰতিবাদী সমদল কাৰ্যসূচী।
প্ৰতিবাদকাৰীসকলৰ দাবী কৰে যে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া পাকিস্তানক ভাৰতে সম্পূৰ্ণভাৱে ধ্বংস কৰিব লাগে। লগতে যোৱা ২৬ ফ্ৰেব্ৰুৱাৰীত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ভূমিলৈ গৈ সন্ত্ৰাসবাদক নিৰ্মূলৰ প্ৰচেষ্টাক সংগঠনটোৱে ধন্যবাদ জনায়। লগতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেনাবাহিনীক পূৰ্ণ স্বাধীনতা অৰ্পণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীকো সংগঠনটোৱে ধন্যবাদ দিয়ে।
প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰীসকলে পাকিস্তান মূর্দাবাদ, সন্ত্ৰাসবাদী নিপাত যাওক, ভাৰতীয় সেনাবাহিনী জিন্দাবাদ অদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাহিত্যক-সমালোচক ৰফিউল হুছেইন বৰুৱাই কয়, সন্ত্ৰাসবাদীৰ কোনো জাতি-ধৰ্ম নাই। সন্ত্ৰাসবাদীক দমন কৰি সন্ত্ৰাসবাদ-মুক্ত এখন সুস্থ সমাজ প্ৰতিস্থা কৰিব লাগে। সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া পাকিস্তানক সমগ্ৰ বিশ্বই এঘৰীয়া কৰিব লাগে বুলিও তেওঁ দাবী জনায়।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদৌ অসম গৰীয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বি জে পি চৰকাৰখনে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে যি ভূমিকা পালন কৰিছে তাত তেওঁলোকে ধন্যবাদ জনায়।
এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ প্ৰায় দুই শতাধিক সদস্যই অংশগ্ৰহণ কৰে।