মন্ত্ৰী হিমন্ত বিশ্বই স্থাপন কৰিলে আধাৰশিলা

তেজপুৰঃ অসম চৰকাৰৰ দৰ্শন আঁচনিৰ অধীনত মঙলবাৰে ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয় উন্নতিকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
শিঙৰীত প্ৰায় ১০ কোটি টকা ব্যয় কৰি এই আঁচনিৰ অধীনত তীৰ্থযাত্ৰীসকলৰ বাবে এটা অত্যাধুনিক অতিথিশালাৰ ওপৰিও বিভিন্ন সা-সুবিধাযুক্ত এটি আকৰ্ষণীয় এক পৰ্যটক কেন্দ্ৰ গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উক্ত অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ উপৰিও উপস্থিত আছিল তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা আৰু ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘাল৷
উল্লেখ্য যে, এই বছৰৰ বাজেটত অসম চৰকাৰে ঘোষণা কৰা অনুসৰি অসম দৰ্শন আঁচনিৰ অধীনত ১০০৮ টা মঠ-মন্দিৰ, দেৱালয়ৰ সংৰক্ষণ তথা শ্ৰীবৃদ্ধিৰ বাবে মুঠ ১০০০ কোটি টকা ব্যয় কৰা হ'ব।