♦ পঞ্চায়ত-গ্ৰামোন্নয়ণ আৰু জনসংযোগ কেলেংকাৰীঃ এবছু-এন ডি এফ বি (প্ৰ)ৰ প্ৰতিক্ৰিয়া

♦ এই নিযুক্তি বে-আইনী আৰু দুৰ্নীতিৰে কৰা হৈছেঃ গোবিন্দ বসুমতাৰী

ওদালগুৰিঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনসংযোগৰ দৰে দুটাকৈ বিয়াগোম বিভাগত প্ৰদান কৰা নিযুক্তিৰ স্বচ্ছতা সন্দৰ্ভত উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ।

ধনবল আৰু স্বজন-তোষণেৰে নিযুক্তি প্ৰদান কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ স্থিতি ঘোষণা কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ভূমিকাক লৈও উত্থাপিত হৈছে প্ৰশ্ন।

এই নিযুক্তি সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিখিল বড়ো ছাত্ৰ সন্থা, চমুকৈ এবছুৰ লগতে এন ডি এফ বি (প্ৰ)ই। এবছুৰ কেন্দ্ৰীয় উপসভাপতি দ্বীপেন বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্যৰ পঞ্চায়ত-গ্ৰামোন্নয়ণ আৰু জনসংযোগ বিভাগৰ নিযুক্তি সন্দৰ্ভত যি অভিযোগ উত্থাপিত হৈছে তাক লৈ এবছু চিন্তিত হৈ পৰিছে।

এ পি এছ চিত সংঘটিত ভয়ংকৰ দুৰ্নীতি ফাদিল হোৱাৰ পাছত নিযুক্তিৰ ব্যৱস্থাটো স্বচ্ছ আৰু নিকা হোৱাৰ আশা কৰা হৈছিল যদিও দুটাকৈ বিয়াগোম বিভাগত প্ৰদান কৰা নিযুক্তি সন্দৰ্ভত পুনৰ উত্থাপিত হৈছে প্ৰশ্ন।

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ স্থিতি ঘোষণা কৰা মুখ্যমন্ত্ৰীগৰাকী দুৰ্নীতি ৰোধত ব্যৰ্থ হৈছে। যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে সেয়েহে এই নিযুক্তিত কোনো ৰহস্য থকাটো স্বাভাৱিক। দুৰ্নীতি নহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত কোনো তদন্ত ঘোষণা নকৰিলেহেঁতেন।

জিষ্ণু বৰুৱাৰ দৰে এগৰাকী আই এ এছ বিষয়াক তদন্তৰ দায়িত্ব দিয়া হৈছে। বৰুৱা এগৰাকী নিকা ভাবমূৰ্তিৰ লোক তাত কোনো সন্দেহ নাই। কিন্তু চৰকাৰী বিষয়া এগৰাকীৰ সলনি উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশৰদ্বাৰা বিষয়টো তদন্ত কৰিলে তদন্তৰ প্ৰক্ৰিয়া নিকা হোৱাৰ সম্ভাৱনা আছে।

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত চমক সৃষ্টিৰ বাবে নিযুক্তি দি ভিতৰি ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰিছে বি জে পিয়ে। ইফালে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ যদি সাহস আছে তেন্তে দুৰ্নীতি নোহোৱা বুলি প্ৰমাণ কৰি দেখুওৱাক অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

আনহাতে সমগ্ৰ বিষয়টো সন্দৰ্ভত এন ডি এফ বি (প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমত হাজাৰ হাজাযৰ যুৱক-যুৱতী নিৱনুৱা হৈ থকাৰ সময়ত বি জে পি চৰকাৰখনে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত যিধৰণে নিযুক্তি প্ৰদান কৰিলে এই ঘটনাই ৰাজ্যৱাসীৰ চকু কপালত তুলিছে।

নিকা পদ্ধতিৰে নিশাটোৰ ভিতৰতে বৃহৎ পৰিমাণৰ পৰীক্ষা বহী নিৰীক্ষণ কৰি তাৰ ফলাফলৰ পাছদিনাখনেই নিযুক্তি-পত্ৰ দিয়াটো কোনোপধ্যে সম্ভৱপৰ নহয়। ৰাজ্যৰ শিক্ষিত নিৱনুৱাৰ স্বাৰ্থ আগত ৰাখি এই নিযুক্তি বাতিলৰ দাবী জনাই এন ডি এফ বি (প্ৰ)ৰ নেতাগৰাকীয়ে। অন্যথা আগন্তুক দিনত অসমবাসী ৰাইজে চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিয়ে।